অসম

assam

ETV Bharat / state

গুৱাহাটীত NEET ৰ পৰীক্ষা অনুষ্ঠিতকলৈ ব‍্যাপক খেলিমেলি

মহামাৰী কৰ'ণাৰ বাবে NTAয়ে পূৰ্বে দিয়া জাননীৰ 44টা NEET পৰীক্ষা কেন্দ্ৰ সলনি কৰে । এই বিষয়ে আগতীয়াকৈ অৱগত নকৰোৱাৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহলৈ আহি বিবুদ্ধিত পৰে ছাত্ৰ ছাত্ৰীসকল ।

NEET student faced problem at Guwahati due to the changes of examination centre
গুৱাহাটীত NEET ৰ পৰীক্ষা অনুষ্ঠিতকলৈ ব‍্যাপক খেলিমেলি

By

Published : Sep 13, 2020, 8:41 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ:কৰ'ণা মহামাৰীৰ মাজতেই দেওবাৰে দেশজুৰি অনুষ্ঠিত হয় মেডিকেল প্ৰৱেশ পৰীক্ষা "National eligibility cum Entrance test" চমুকৈ NEETৰ পৰীক্ষা। বিয়লি 2 বজাৰ পৰা 5 বজালৈকে অনুষ্ঠিত হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হয় প্ৰায় 16 লাখ পৰীক্ষাৰ্থী । ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ NTAয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰায় 3843টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰিছে এই পৰীক্ষা । অসমতো মুঠ 81টা কেন্দ্ৰত প্ৰায় 30,311 গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীৰ্ণ হৈছে NEET পৰীক্ষাত ৷

গুৱাহাটীত NEET ৰ পৰীক্ষা অনুষ্ঠিতকলৈ ব‍্যাপক খেলিমেলি

কিন্তু মহামাৰী কৰ'ণাৰ বাবে NTAয়ে পূৰ্বে দিয়া জাননীৰ 44টা NEET পৰীক্ষা কেন্দ্ৰ সলনি কৰে । যাৰ ভিতৰত আছিল গুৱাহাটী মহানগৰীৰো একাংশ পৰীক্ষা কেন্দ্ৰ । পৰীক্ষা কেন্দ্ৰসমূহৰ মূল প্ৰৱেশ পথত পৰীক্ষাৰ্থীসকল অৱগত হ'ব পৰাকৈ এই বিষয়ে জাননী আঁৰি থোৱা হয় যদিও পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ অৱগত নকৰোৱাৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহলৈ আহি বিবুদ্ধিত পৰে ছাত্ৰ-ছাত্ৰীসকল । পূৰ্বে NTAৰ ফালৰ পৰা কোনো ধৰণৰ জাননী নোপোৱাৰ ফলত পৰীক্ষা কেন্দ্ৰলৈ আহি লৰা ঢপৰা লাগে ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকলৰ মাজত ।

গুৱাহাটীত NEET ৰ পৰীক্ষা অনুষ্ঠিতকলৈ ব‍্যাপক খেলিমেলি

উল্লেখযোগ্য যে, NTAৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি পৰীক্ষাৰ্থীসকলৰ প্ৰৱেশ পত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ এটা দিন আগতেই পৰীক্ষা কেন্দ্ৰলৈ আহিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল । যাতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰসমূহলৈ আহি সময়ত বিপদত পৰিব নালাগে । কিন্তু NTAৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই সময়ত বিপদত পৰা পৰিলক্ষিত হ'ল গুৱাহাটী মহানগৰীৰ একাংশ NEET পৰীক্ষাৰ্থী ।

লগতে পঢ়কঃমাস্ক পৰিধান কৰিবলৈ কোৱা বাবেই আক্ৰমণ আৰক্ষীক

ABOUT THE AUTHOR

...view details