NEEPCO ট্ৰেড ইউনিয়নৰ সংবাদমেল - NEEPCO ট্ৰেড ইউনিয়নৰ সংবাদমেল
এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই ট্ৰেড ইউনিয়নে, চৰকাৰে সকলো খোলা ৰাখিছে । অন্য কোনো সংস্থাৰ লগত সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলিছে, অথবা তেওঁ লোকে অংশীদাৰত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে । NEEPCO ত ভাৰত চৰকাৰৰ 100% অংশীদ্বাৰিত্ব আছে । বিগত 2018-19।বৰ্ষত 284 কোটি টকা লাভ কৰিছে NEEPCO য়ে । এই সংবাদমেলতে উমৰাংছুৰ ঘটনাৰ দাবী তোলে ইউনিয়নে ।

গুৱাহাটী, 29 অক্টোবৰ: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় NEEPCO ট্ৰেড ইউনিয়নৰ এক সমূহীয়া সংবাদমেল । সংবাদমেলত তেওঁলোকে চাৰি জনকৈ শ্ৰমিক আৰু বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে । কাৰ্বি আংলংৰ ঘটনাত সহায় কৰা অসম চৰকাৰ, ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদ, সকলো কৰ্মী আৰু নিৰাপত্তাৰক্ষীক ধন্যবাদ জনাই ট্ৰেড ইউনিয়নৰ সদস্যই । সংবাদমেলত তেওঁলোকে কয় যে বহু ভিতৰুৱা পিছপৰা ঠাইত স্থাপন কৰা হয় প্ৰকল্পসমূহ । তাত যোগাযোগ, স্বাস্থ্য, ডাকসেৱাৰ পৰা আৰম্ভ কৰি শিক্ষা, বেংক সেৱালৈ সকলো ব্যৱস্থা কৰে NEEPCO য়ে । NEEPCO ৰ 90% তকৈও অধিক উত্তৰ পূবৰ থলুৱা লোক জড়িত হৈ আছে ।