গুৱাহাটী, 28 অক্টোবৰ:অনন্তধামলৈ গতি কৰিলে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Neel Pawan Baruah passes away) । শুকুৰবাৰে বিয়লি 3.15 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) । নীলপৱন বৰুৱাৰ নশ্বৰদেহ আজি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ বেলতলাস্থিত বাসগৃহলৈ অনা হ’ব আৰু নিশাটো বাসগৃহতে ৰখা হ’ব ৷
শনিবাৰে দিনৰ 2 বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বৰুৱাৰ ৷ মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অসম চৰকাৰৰ হৈ চিত্ৰশিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰি এই কথা জনায় ৷ তেওঁ লগতে কয় যে, চৰকাৰে বৰুৱাৰ পৰিয়ালবৰ্গৰ লগত আলাপ আলোচনা কৰি তেওঁ সৃষ্টিৰাজিসমূহ কেনেদৰে সংৰক্ষণ কৰা হ’ব, সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি পদক্ষেপ ল’ব ৷
নীলপৱন বৰুৱাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷ বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য়ৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে ৰাজনৈতিক জগতৰ লগত জড়িত লোকসকলে শোক প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিভিন্ন ৰাজ্যৰ দল সংগঠনে শোকবাৰ্তা প্ৰেৰণ কৰিছে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোকবাৰ্তাত উল্লেখ কৰে, "শ্ৰদ্ধাৰ নীলপৱন বৰুৱাই বহু উল্লেখযোগ্য সৃষ্টিকৰ্মেৰে অসমৰ চিত্ৰকলাৰ জগতখনক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে । ৰং-তুলিকাৰে সৃষ্টিশীলতাৰ পৃথিৱীখনত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বৰুৱাৰ মানৱীয় প্ৰমূল্যবোধ, অনন্য কলাশৈলী আৰু সহজ-সৰল ব্যক্তিত্বই আমাক অত্যন্ত মুগ্ধ কৰিছিল ।