গুৱাহাটী,14 ছেপ্তেম্বৰ: জটিল ৰোগত আক্ৰান্ত গুৱাহাটী মহানগৰীৰ এগৰাকী কণমানি ৷ জীৱন কি বুজা হোৱা নাই তাই ৷ কিন্তু এই বয়সতে কণমানি গৰাকীৰ শৰীৰত থিতাপি লৈছে দুৰাৰোগ্য কৰ্কট ৰোগৰ বীজাণুৱে ৷ মহানগৰীৰ নুনমাটিৰ বাসিন্দা ভাস্বতী বৈশ্য নামৰ চাৰি বছৰীয়া কণমানিগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে দিল্লীত ৷
ৰোগাক্ৰান্ত ভাস্বতীক প্ৰয়োজন আপোনাৰ সহায়ৰ - কৰ্কট ৰোগ
দুৰাৰোগ্য কৰ্কট ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈছে গুৱাহাটীৰ এগৰাকী কণমানি ৷ সম্প্ৰতি কণমানি জনীক চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্যৰ ৷
কৰ্কট ৰোগত আক্ৰান্ত ভাস্বতী
কণমানি গৰাকীৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন কেইবালক্ষাধিক টকাৰ ৷ ভাস্বতীৰ পিতৃয়ে চিকিৎসাৰ বাবে সৃষ্টি হোৱা আৰ্থিক নাটনিৰ বাবে এতিয়া সহায় বিচাৰিছে সদাশয় ৰাইজৰ পৰা ৷ যি সাহায্যই হয়তো পৰিয়ালটোৰ মুখলৈ ঘূৰাই আনিব পাৰে হাঁহি ৷ যদি কোনো সদাশয় লোকে কণমানিজনীক সহায় কৰিব বিচাৰে তেন্তে পিতৃ কিশোৰ বৈশ্যৰ বেংক একাউণ্ট নম্বৰ A/c no- 20011945736, IFSC-SBIN0000221 ত যোগাযোগ কৰিব পাৰিব ৷
লগতে চাওকঃভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ ৷