আধালৈ নামিছে নাৰীজনিত অপৰাধৰ সংখ্যা গুৱাহাটী, ৫ ডিচেম্বৰ : ৰাজ্যত হ্ৰাস পাইছে নাৰীজনিত অপৰাধ ৷ ২০২১ বৰ্ষৰ তুলনাত ৫১ শতাংশ নাৰীজনিত অপৰাধ হ্ৰাস পাইছে ৷ এই তথ্য নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ' (এনচিআৰবি)ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷
2022 বৰ্ষত ৰাজ্যত সংঘটিত হৈছিল 14,148 টা নাৰীজনিত অপৰাধ । তাৰ বিপৰীতে ৰাজ্যত 2021 বৰ্ষত 29,046 টা, 2020 বৰ্ষত 26,352 টা , 2019 বৰ্ষত 30,025 টা আৰু 2018 বৰ্ষত 27,687 টা নাৰীজনিত অপৰাধ সংঘটিত হৈছিল ৷ 2022 বৰ্ষত ৰাজ্যত সংঘটিত হোৱা 14,148 টা নাৰীজনিত অপৰাধৰ ভিতৰত 1,217টা ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা ।
ৰাজ্যত সংঘটিত হোৱা নাৰীজনিত অপৰাধৰ ভিতৰত 3,466 টা অপহৰণ আৰু 4,704 টা স্বামী তথা আত্মীয়ৰ দ্বাৰা অত্যাচাৰৰ ঘটনা বুলি নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ' (এনচিআৰবি)ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।
প্ৰকাশিত তথ্য অনুসৰি, উল্লিখিত মুঠ নাৰীজনিত অপৰাধৰ ভিতৰত অসমত 14 টা ধর্ষণ আৰু দলবদ্ধ ধর্ষণ কৰি হত্যা, 175 টা যৌতুকজনিত হত্যা, 75 টা মহিলাক আত্মহত্যা কৰিবলৈ দিয়া হেঁচাৰ ঘটনা, দুটা গর্ভপাত, তিনিটা এচিড আক্ৰমণৰ ঘটনা সংঘটিত হয় । একেদৰে 3,466 টা অপহৰণৰ ঘটনাৰ ভিতৰত 285 টা কিশোৰী অপহৰণ ঘটনা বুলি তথ্য প্ৰকাশ পাইছে ৷
সমান্তৰালভাৱে তিনিটা কিশোৰী বিক্ৰীৰ উপৰি 1,113 টা মহিলা ধৰ্ষণৰ ঘটনা উল্লিখিত বৰ্ষত সংঘটিত হয় । ইয়াৰে 1,109 টা ধৰ্ষণৰ ঘটনাৰ ভুক্তভোগী 18 বছৰৰ ওপৰৰ যুৱতী-মহিলা আৰু চাৰিটাৰ ভুক্তভোগী 18 বছৰৰ তলৰ ৷
ইয়াৰ উপৰি 253 টা ধৰ্ষণৰ অপচেষ্টা, 1,984 টা অসৎ উপায়ে মহিলাক আক্ৰমণ, 152 টা মহিলাজনিত চাইবাৰ অপৰাধ, 1,703 টা কিশোৰী যৌন নির্যাতনৰ ঘটনা সংঘটিত হয় । আনহাতে, উল্লিখিত বৰ্ষত কামৰূপ গ্ৰাম্যত সৰ্বাধিক মহিলাজনিত অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে কাছাৰত দ্বিতীয় সৰ্বাধিক 1,014 টা এই অপৰাধ সংঘটিত হয় ।
একেদৰে কামৰূপ মহানগৰত 979 টা, শোণিতপুৰত 812 টা, নগাঁৱত 780 টা, দৰঙত 749 টা, গোৱালপাৰাত 673 টা, বৰপেটাত 591 টা, মৰিগাঁৱত 548 টা, কৰিমগঞ্জত 476 টা, তিনিচুকীয়াত 452 টা, ডিব্ৰুগড়ত 395 টা, বঙাইগাঁৱত 282 টা, গোলাঘাট আৰু ধেমাজিত দুশটা, হাইলাকান্দিত 302 টা, যোৰহাটত 342 টা, কোকৰাঝাৰত 347 টা, লখিমপুৰত 399 টা, নলবাৰীত 364 টা, শিৱসাগৰত 226 টা, বাক্সাত 124 টা, চিৰাঙত 162 টা নাৰীজনিত অপৰাধ সংঘটিত হয় ।
এন চি আৰ বি প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘‘ তথ্য অনুসৰি 2021 বৰ্ষৰ তথ্যৰ তুলনাত নাৰীৰ সুৰক্ষা যথেষ্ট উন্নত হৈছে । 2023 ত নাৰীজনিত অপৰাধ অধিক হ্ৰাস পাব ৷’’
লগতে পঢ়ক :কটাহবাৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ