গুৱাহাটী,13 মাৰ্চ:ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীয়ে শনিবাৰে ২১ ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা সমষ্টিসমূহৰ প্ৰাৰ্থীৰ নাম প্ৰকাশৰ লগতে নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰে ৷ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ দলৰ মুখ্য কাৰ্যালয়ত মুকলি কৰে এই ঘোষণা পত্ৰ ৷ দলটোৱে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰে ৷ আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ কোনো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা নাই দলটোৱে ৷ মুঠ ১৯ টাকৈ ঘোষণা সম্বলিত ইস্তাহাৰ পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী, দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হৃদয়ানন্দ গগৈৰ লগতে বহু কেইগৰাকী দলীয় নেতা-কৰ্মী ৷
সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে ইস্তাহাৰ মুকলি কৰি কয় যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ২১ ৰ নিৰ্বাচনত লক্ষ্য চৰকাৰ গঠন কৰা নহয় ৷ কেৱল জন সাধাৰণৰ মূল সমস্যাসমূহৰ ক্ষেত্ৰত যাতে বিধানসভাত মাত মাতি যাব পাৰে তাৰ লক্ষ্যৰে সামৰ্থ অনুসৰি সীমিত সংখ্যক সমষ্টিত দলটোৱে প্ৰাৰ্থী আগবঢ়াব ৷