গুৱাহাটী, ১৯জুন: বৰ্ধিত বিদ্যুৎ মাচুল, স্মাৰ্ট মিটাৰৰ আসোৱাহ আৰু পানী যোগানৰ পাইপ বিস্ফোৰণৰ ঘটনা উচ্চ পৰ্যায়ৰ তদদন্তৰ দাবীত প্ৰতিবাদ । গুৱাহাটী মহানগৰ জিলা এন চি পিৰ উদ্যোগত সোমবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধান কৰক, বৰ্ধিত বিদ্যুত মাচুল হ্ৰাস কৰক, বিদ্যুতৰ গ্ৰাস কৰি জনসাধাৰণক সকাহ দিয় আদি শ্ল'গান দি হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱাই কয় মহানগৰীখনত এশ এবুৰি সমস্যা আছেই । তাৰ ভিতৰত গুৱাহাটীৰ মূল সমস্যা কেইটা সমাধানত গুৰুত্ব দিয়ক । বিদ্যুতৰ মাচুল হ্ৰাস কৰক আৰু স্মাৰ্ট মিটাৰ যি বিসংগতি তাৰ সমাধান কৰক । যি সময়ত অন্য ৰাজ্যই ৫-৬ টকাত প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে । সেই সময়ত অসমে ৭-১০ টকা প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে।
বহিৰাজ্যৰ কোম্পানীৰ পৰা অত্যাধিক হাৰত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হোৱা বিদ্যুতৰ বোজা সৰ্বসাধাৰণৰ মুৰত চৰকাৰে জাপি দিছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও পানীৰ সমস্যাত মহানগৰবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়তে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জলবোৰ্ডৰ পাইপ বিস্ফোৰণ হোৱা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে NPC ৰ কৰ্মকৰ্তাসকলে । ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।