অসম

assam

ETV Bharat / state

পোন প্ৰথমবাৰৰ বাবে মহাবাহুত এন চিচিৰ চেইলিং অভিযান - ব্ৰহ্মপুত্ৰ চেইলিং

তেজপুৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পাণ্ডুলৈ ২২০ কিঃমিঃ চেইলিং অভিযান শুকুৰবাৰে সমাপ্ত কৰে। ব্ৰহ্মপুত্ৰৰ বুকুত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই অভিযান এন চি চিৰ ৷

পোন প্ৰথমবাৰৰ বাবে মহাবাহুত এন চিচিৰ চেইলিং অভিযান

By

Published : Oct 25, 2019, 10:56 PM IST

গুৱহাটী, 25 অক্টোবৰঃ শুকুৰবাৰে সামৰণি পৰে ব্ৰহ্মপুত্ৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ চেইলিং অভিযানৰ। এন চিচিৰ নেভি দলে তেজপুৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পাণ্ডুলৈ ২২০ কিঃমিঃ চেইলিং অভিযান শুকুৰবাৰে সমাপ্ত কৰে। মহানগৰীৰ পাণ্ডু পোৰ্টত অনুষ্ঠিত এই বিশেষ অভিযানৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ইফালে এন চিচিয়ে গ্ৰহণ কৰা এই ব্যতিক্ৰমী অভিযানক শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্ৰহ্মপুত্ৰৰ বুকুত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই অভিযানে এক ইতিবাচক দিশ নিৰ্ণয় কৰিব বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে। দেশৰ প্ৰতিগৰাকী নাগৰিকে এনেদৰে একো একোগৰাকী সৈনিক হৈ কাম কৰিব লাগিব। তাৰোপৰি মহাবাহুৰ কোবাল সোঁততো এই অভিযান চলোৱা ৬০গৰাকী কেডেটক বিশেষভাৱে শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুঠৰ ওপৰত মহাবাহুত পোনপ্ৰথমবাৰৰ বাবে চলোৱা এই অভিযান অনাগত দিনত চেইলিঙৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পোন প্ৰথমবাৰৰ বাবে মহাবাহুত এন চিচিৰ চেইলিং অভিযান

লগতে চাওকঃএটা জৰাজীৰ্ণ ডাকঘৰ আৰু দুজন কৰ্মচাৰী

ABOUT THE AUTHOR

...view details