অসম

assam

ETV Bharat / state

বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেল - natures backon

বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননক লৈ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্তই আয়োজন কৰে এক সংবাদমেল ৷

বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেল
বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেল

By

Published : Mar 16, 2021, 4:19 PM IST

গুৱাহাটী,16 মাৰ্চ: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্তই আয়োজন কৰে এক সংবাদমেল ৷ প্ৰকৃতিপ্ৰেমী দত্তই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননক লৈ আয়োজন কৰে এই সংবাদমেলৰ ৷

বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেল

এই সংবাদমেলত দত্তই মন্তব্য কৰে যে, “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত জয়পুৰ বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্কদান কৰা হয় ৷ বিগত সময়ৰ চৰকাৰৰ দিনত জয়পুৰ বৰ্ষাৰণ্য ধ্বংস কৰা হৈছিল ৷ ক’ল ইণ্ডিয়া আৰু অইল ইণ্ডিয়া লিমিটেডক জয়পুৰ বৰ্ষাৰণ্য লিজত দিয়া হৈছিল ৷ চৰকাৰী পৃষ্ঠপোষকতাতেই জয়পুৰ বৰ্ষাৰণ্য ধ্বংস কৰিব খুজিছিল” ৷

বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেল

ইয়াৰোপৰি জয়পুৰৰ বৰ্ষাৰণ্যত কয়লা খননৰ বাবে চৰকাৰী অনুমোদন কৰা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৌম্যদ্বীপ দত্তই ৷ প্ৰকৃতিপ্ৰেমী গৰাকীয়ে মন্তব্য কৰে যে, “জয়পুৰ বৰ্ষাৰণ্যত কয়লা খননৰ বাবে চৰকাৰে অনুমোদন দিছে ৷ ২০২৩ চনলৈকে এই লিজৰ ম্যাদ থাকিব ৷ লিগেল লিজত দিয়া বাবে অন্য কোনো চৰকাৰ আহিলেও লিজ বাতিল কৰিব নোৱাৰে ৷ জয়পুৰ বৰ্ষাৰণ্য অইল ইণ্ডিয়াক লিগেল প্ৰচেছত দিয়া আছে” ৷

লগতে পঢ়ক:বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক অভিযন্তা

ABOUT THE AUTHOR

...view details