গুৱাহাটী, 13 জুলাই : গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অৰণ্য (Panchatatna forest) আৰু অজগৰ অৰণ্য (Ajagar forest)ক পৃথকে অভয়াৰণ্য (wildlife sanctuary) হিচাপে স্বীকৃতি প্ৰদানৰ আহ্বান জনাইছে উত্তৰ-পূৱৰ অন্যতম স্বতন্ত্ৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকন (Nature's Beckon)য়ে ৷ এই সন্দৰ্ভত অসম চৰকাৰক দাবী উত্থাপন কৰিছে সংস্থাটোৱে ৷ নেচাৰ্ছ বেকনৰ সঞ্চালক তথা প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্ত (Soumyadeep Datta)ই সংগঠনৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছে । বিগত 30 জুনত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ৰ হাততো প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্যৰ আনুষ্ঠানিক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰিছিল সংস্থাটোৰ প্ৰতিনিধিয়ে ।
ইয়াৰ লগতে উক্ত দিনাই বনমন্ত্ৰীৰ সৈতে এক দীৰ্ঘ আলোচনাত মিলিত হয় সঞ্চালক সৌম্যদ্বীপ দত্ত । উক্ত আলোচনাত হাতী সংৰক্ষণ (Elephant Reservation)ৰ লগতে অসমৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন কথা আলোচনা হয় । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অত্যন্ত ধনাত্মক আচৰণ প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে ।
বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অৰণ্য সংৰক্ষণৰ কাম সুস্থভাৱে সম্পন্ন হ’ব বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ৰ সৈতেও অৰণ্য আৰু বন্যপ্ৰাণী সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে সৌম্যদ্বীপ দত্তই । মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বৰ প্ৰতি নেচাৰ্ছ বেকনৰ পূৰ্ণ আস্থা আছে বুলি আশা প্ৰকাশ কৰি অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বহু ভাল কাম কৰা হ’ব বুলি সঞ্চালক দত্তই আস্থা প্ৰকাশ কৰে ।
উল্লেখ্য যে, জিলাখনৰ প্ৰাচীন কামৰূপ অসমৰ এটা প্ৰাচীনতম অঞ্চল । হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে । গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি, স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে অঞ্চলটোৰ সাক্ষ্য বহন কৰি আহিছে । ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধস্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ ইয়াৰ এক উৎকৃষ্ট নিৰ্দশন ।
অৰণ্য আৰু বন্যপ্ৰাণীৰ বাসভূমি হিচাপে গোৱালপাৰা অঞ্চল অত্যন্ত সমৃদ্ধ । গোৱালপাৰাৰ অৰণ্য অসমৰ বনৰীয়া হাতীবোৰৰ প্ৰধান বাসস্থান । গোৱালপাৰাৰ অৰণ্য অসংখ্য স্তন্যপায়ী, বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ বাসস্থান হিচাপে জনাজাত । অত্যন্ত সমৃদ্ধশালী বন্যপ্ৰাণীৰ বাসস্থান হোৱাৰ পাচতো গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰৰ সংৰক্ষণৰ বাবে আজিলৈকে কোনো স্থায়ী সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰ চৰম অৱহেলিত হৈ আহিছে । ভাৰত স্বাধীন হোৱাৰ পাচতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে এই গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই । এই অৱহেলাৰ ফলত গোৱালপাৰা অঞ্চলৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ যথেষ্ট ক্ষতিসাধন হৈছে । অৰণ্য বেদখল, চোৰা কাঠ সৰবৰাহ, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ আৰু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ ব্যৱসায়ৰ লগতে খেতিৰ বাবে অৰণ্য অপসাৰণ কৰি খেতি মাটি মোকোলোৱাৰ ফলত জিলাখনৰ অধিকাংশ অৰণ্য আজি প্ৰায় ধ্বংস হোৱাৰ পথত ।
এটা সময়ত পূৱ পাকিস্তানৰ পৰা অহা জনস্ৰোতেও গোৱালপাৰাৰ বহুত বনাঞ্চল বেদখল কৰি ধ্বংস কৰিছে । এটা সময়ত গোৱালপাৰাৰ অৰণ্যত বহু বনৰীয়া গৰু পোৱা গৈছিল যদিও মাংসৰ বাবে এই গৰুবোৰ হত্যা কৰি গোৱালপাৰাৰ অৰণ্যৰ পৰা নিঃশেষ কৰি দিয়া হৈছে । পূৰ্বতে গোৱালপাৰাৰ অৰণ্যত প্ৰচুৰ হলৌ বান্দৰ পোৱা গৈছিল । জনাজাত কথা যে, হলৌ ভাৰতত পোৱা একমাত্ৰ বন মানুহ ।