অসম

assam

ETV Bharat / state

Nritya Kala Day: সত্ৰীয়া নৃত্যৰ সাধক ৰামকৃষ্ণ তালুকদাৰৰ জন্মদিন উপলক্ষে ‘নৃত্যকলাৰ দিন’ উদযাপন - ramkrishna talukdars birthday observed

সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতি প্ৰাপক ৰামকৃষ্ণ তালুকদাৰৰ জন্মদিন উপলক্ষে 'নৃত্যকলাৰ দিন' উদযাপন । মহানগৰীৰ কৃষ্ণনগৰস্থিত নৰ্তন কলা কেন্দ্ৰত উদযাপন কৰা হয় এই অনুষ্ঠান ।

Nritya Kala Day
নৃত্যকলাৰ দিন

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:48 PM IST

নৃত্যকলাৰ দিন

গুৱাহাটী, 4 ছেপ্টেম্বৰ : মহানগৰীৰ কৃষ্ণনগৰস্থিত নৰ্তন কলা কেন্দ্ৰৰ শিক্ষানুষ্ঠাত সোমবাৰে ‘নৃত্যকলাৰ দিন’ উদযাপন কৰা হয় । সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতিত প্রভূত বৰঙণি আগবঢ়োৱা ৰামকৃষ্ণ তালুকদাৰৰ ৬০ সংখ্যক ওপজা দিন উপলক্ষে আয়োজন কৰা 'নৃত্যকলাৰ দিন'ৰ বিশেষ অনুষ্ঠান । উক্ত অনুষ্ঠানত নৃত্যাচার্য, পদ্মশ্ৰী যতীন গোস্বামী, বায়নাচাৰ্য ঘনকান্ত বৰবায়ন মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

নৃত্যাচার্য, পদ্মশ্ৰী যতীন গোস্বামীয়ে মন্তব্য কৰি কয় - ৰামকৃষ্ণ তালুকদাৰে সত্ৰীয়া নৃত্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু বৰঙণি আগবঢ়াইছে । তেওঁৰ অনুসন্ধিৎসু মন এটা আছে । সময় সাপেক্ষ চিন্তা কৰা বাবে তেওঁক শ্ৰদ্ধা কৰো । তেওঁৰ ওপজা দিনত শুভেচ্ছা জনালো । তেওঁ এনেদৰে আগবাঢ়ি যাওঁক ।'

আনহাতে বায়নাচাৰ্য ঘনকান্ত বৰবায়নে ৰামকৃষ্ণ তালুকদাৰ সম্পৰ্কে মন্তব্য কৰি কয় - ৰামকৃষ্ণ তালুকদাৰ নৃত্য কলা জগতৰ এটি পৰিচিত নাম । ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত নৃত্যক প্ৰসাৰ প্ৰচাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অন্য শিল্পীসকলৰ তালিকাত ৰামকৃষ্ণ তালুকদাৰৰ স্থান একক আৰু অনন্য । সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতিত প্রভূত বৰঙণি আগবঢ়োৱা ৰামকৃষ্ণ তালুকদাৰক ভাৰত চৰকাৰে সংগীত নাটক একাডেমী বঁটাৰে সম্মানিত কৰিছে । তেওঁৰ জন্মদিনটো নৃত্যকলাৰ দিন হিচাপে উদযাপন কৰাৰ বাবে ধন্যবাদ জনালো । মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিথিত ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হয় । তেওঁক ওপজা দিনৰ শুভেচ্ছা জনালো । তেওঁ এনেদৰে ভাল কামেৰে আগবাঢ়ি যাওঁক ।'

অনুষ্ঠানটো সম্পৰ্কে বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী ৰামকৃষ্ণ তালুকদাৰে মন্তব্য কৰি কয় - মোৰ বাবে আজি গৌৰৱৰ দিন, অতি আনন্দৰ দিন । আজিৰ দিনটোত মোক শুভেচ্ছা জনোৱা প্ৰতিজন গুণমুগ্ধক ধন্যবাদ জনালোঁ ।' এই কাৰ্যসূচী ডেমক্ৰেচী লাইভ আৰু ৰামকৃষ্ণ ভালুকদাৰৰ অনেক গুণমুগ্ধ, শিষ্যসকলে সহযোগিতা আগবঢ়ায় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দ্বিজেন দাস, সত্যেন তালুকদাৰৰ লগতে তেওঁৰ বহু সংখ্যক শিষ্য, গুণমুগ্ধ উপস্থিত থাকে ।

লগতে পঢ়ক :Dance Workshop: বীৰকুছিৰ তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details