গুৱাহাটী, 31 অক্টোবৰ:আজি ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা আয়োজন কৰি আহিছে এই দিৱস । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।
স্বাধীন ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আয়োজিত কাৰ্যসূচীত পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷
দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা বাহিৰ কৰা একতাৰ বাবে দৌৰ শীৰ্ষক এটা ৰেলী য’ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত নেহেৰু ষ্টেডিয়ামত আয়োজিত একতাৰ দৌৰৰ এই অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়ানৰ লগতে মহানগৰীৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাই অংশ গ্ৰহণ কৰে (Run of Unity on the occasion of National Unity Day) ।
পতাকা উৰুৱাই একতাৰ দৌৰৰ ফ্লেগ অফ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন, কৰ্মৰাজী আৰু তেওঁ দেশৰ প্ৰতি আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে ।