গুৱাহাটী, ৩০ আগষ্ট: অসমৰ খেলুৱৈসকলে অনুশীলনৰ বাবে পৰ্যাপ্ত সা-সুবিধা লাভ নকৰাৰ বিষয়টো প্ৰায়েই আলোচ্য বিষয় হৈ আহিছে । বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে পুঁজিৰ পৰিমাণ কম হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । দেওবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰা ক্ৰীড়া দিৱসৰ অনুষ্ঠানত অংশ লৈ বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকাই এনে কেতবোৰ বিষয়ৰ ওপৰত মতামত আগবঢ়ায় ।
অনুষ্ঠানৰ অন্তত ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰাৰ্থনা হাজৰিকাই কয় যে, ক্ৰীড়াৰ ক্ষেত্ৰৰ বাবে সদায় বাজেটত কম পৰিমাণে পুঁজি ধাৰ্য কৰা হয় । স্পনছৰ(sponsor) নাথাকে । এনেবোৰ প্ৰত্যাহ্বানকো নেওচি অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে ।
লগতে তেওঁ কয় যে, তেওঁ অনুভৱ কৰে যে, ক্ৰীড়া ক্ষেত্ৰত বাজেট বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে আৰু এইক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব লাগিব । স্পনছৰসকল যদি আগুৱাই আহি সহযোগিতা আগবঢ়াই তেন্তে, অসমৰ প্ৰতিভাৱান খেলুৱৈসকলে লক্ষ্যৰ দিশে আগবঢ়ি যোৱাত সহায়ক হ'ব ।
এনে পদক্ষেপ গ্ৰহণ কৰিলে ২০২৮ৰ অলিম্পিকত অসমৰ পৰা বহু কেইগৰাকী খেলুৱৈয়ে অংশ লোৱাৰ সুযোগ পাব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ কয় যে, খেলুৱৈসকলক সহযোগ আৰু আৰ্থিক সহায়ৰ প্ৰয়োজন ।