অসম

assam

ETV Bharat / state

গুৱাহাটীত উদযাপন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - CSIR-NEIST

জীৱনজোৰা সাধনা বঁটা ২০১৯ প্ৰদান কৰা হয় বিশিষ্ট জলবায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰ নাথ গোস্বামীক

NATIONAL SCIENCE DAY

By

Published : Mar 5, 2019, 5:18 PM IST

গুৱাহাটী, ৫ মাৰ্চ: মঙ্গলবাৰে গুৱাহাটী মহানগৰীৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । সেই দিৱসৰ লগত সংগতি ৰাখি তিনিটা বিশেষ বিজ্ঞান শাখাত প্ৰদান কৰা হয় ৰাজ্যিক বিজ্ঞান বঁটা । জীৱনজোৰা সাধনা বঁটা ২০১৯ প্ৰদান কৰা হয় বিশিষ্ট জলবায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰ নাথ গোস্বামীক ।যুৱ বিজ্ঞানী বঁটা ২০১৯ লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী প্ৰৱক্তা হিচাপে কৰ্মৰত ডঃ মানস্বীতা বৰাই । বিজ্ঞান জনপ্ৰিয়কৰণ আৰু গৱেষণাৰ বঁটা প্ৰদান কৰা হয় উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (CSIR-NEIST) ক ।

NATIONAL SCIENCE DAY

উল্লেখ্য যে জীৱনজোৰা সাধনা বঁটাত আছে ১.৫০ লাখ টকা আৰু ট্ৰফী । এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীকো বঁটা প্ৰদান কৰা হয় ।

ABOUT THE AUTHOR

...view details