অসম

assam

ETV Bharat / state

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - কৃত্ৰিম বুদ্ধিমত্তা আৰু সংবাদ মাধ্যম

16 নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় (National press day observed by DIPR ASSAM in Guwahati) ৷

National press day observed by DIPR ASSAM in Guwahati
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 6:43 AM IST

গুৱাহাটী, 17 নৱেম্বৰ : বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্রত অনুষ্ঠিত হয় এই অনুষ্ঠান । অনুষ্ঠানত সংবাদ মাধ্যমৰ সমাজৰ প্ৰতি দায়ৱদ্ধতা, পৰিক্ৰমাৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

উক্ত অনুষ্ঠানত মুখ্য বক্তা ৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ । "কৃত্ৰিম বুদ্ধিমত্তা আৰু সংবাদ মাধ্যমৰ ওপৰত ইয়াৰ প্ৰভাৱ" বিষয় সন্দৰ্ভত বক্তৃতা আগবঢ়াই ড৹ সমুদ্ৰ গুপ্ত কাশ্যপে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য আগবঢ়ায় কয়, "আজি ভাৰতবর্ষৰ সংবাদ মাধ্যমৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন । প্ৰতি বছৰে প্ৰেছ কাউন্সিলৰ তৰফৰ পৰা এটা বিষয় নিৰ্ধাৰণ কৰা হয় । এইবাৰৰ বিষয় - কৃত্ৰিম বুদ্ধিমত্তা আৰু সংবাদ মাধ্যমৰ ওপৰত ইয়াৰ প্ৰভাৱ । আমি দেখিছো যে পশ্চিমীয়া দেশবোৰত এই বিষয়ে বহুতো চৰ্চা হৈছে’’ ।

অনুষ্ঠানটোত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ক্ৰমে দিলীপ মহন্ত, ৰবি শংকৰ ৰবি, নৰেশ চন্দ্ৰ কলিতা, ভূপেন ভট্টাচাৰ্য, নিতুমনি শইকীয়াকে ধৰি বহু জ্যেষ্ঠ-কনিষ্ঠ বহু সাংবাদিক তথা সংবাদকর্মী ।

উল্লেখ্য যে, 1966 চনত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া স্থাপন হোৱাৰ পিচৰে পৰা প্ৰতি বছৰে 16 নৱেম্বৰৰ দিনটো সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈ আহিছে । সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে 1966 চনৰ 4 জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হৈছিল । এই কাউন্সিল কাৰ্যকৰী হৈছিল 1966 চনৰে 16 নৱেম্বৰৰ পৰা আৰু তেতিয়াৰ পৰাই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই ৰাষ্ট্ৰৰ সংবাদ ক্ষেত্ৰৰ নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে ।

লগতে পঢ়ক :কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত বক্তৃতানুষ্ঠান

ABOUT THE AUTHOR

...view details