অসম

assam

ETV Bharat / state

National Press Day: প্ৰেছ দিৱসত আলফাৰ মৃত্যুৰ ভাবুকিৰ কথা সোঁৱৰণ কনকসেন ডেকাৰ - Press day in Guwahati

‘‘সাহসেৰে লিখাৰ বাবেই ৰজাঘৰ আৰু আলফাৰ পৰা কেইবাবাৰো মৃত্যুৰ ভাবুকি পৰ্যন্ত পোৱা গৈছিল’’ ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰযসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাৰ (Journalist Kanak Sen Deka)৷

National Press Day
প্ৰেছ দিৱসত আলফাৰ মৃত্যুৰ ভাবুকিৰ কথা সোঁৱৰণ কনকসেন ডেকাৰ

By

Published : Nov 16, 2022, 9:47 PM IST

গুৱাহাটী, ১৬ নৱেম্বৰ : সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগেলগে সাংবাদিকৰ দায়িত্বও বৃদ্ধি পাইছে ৷ বাতৰি পৰিৱেশনত বিভিন্ন চাপৰ সৃষ্টি হ'লেও সাংবাদিকজনে নিজৰ কৰ্তব্যৰ পৰা পিছ হুহুঁকি নহাটো সততাৰ অন্যতম নিদৰ্শন ৷ এই মন্তব্য ৰাজ্যৰ সংবাদক্ষেত্ৰখনৰ পিতামহ স্বৰূপ কনকসেন ডেকাৰ (Journalist Kanak Sen Deka)৷

বুধবাৰে মহানগৰীৰ অগ্ৰদূত ভৱনৰ(Agradoot Bhawan) সভাগৃহত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম(জুৱা)(Journalist Union of Assam)ৰ গুৱাহাটী মহানগৰ কমিটি আৰু জুৱাৰ ৰাজ্যিক কমিটিৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে কনকসেন ডেকা ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাই কয় যে ‘‘আমি সীমিত পৰিসৰৰ মাজেদি উদ্দেশ্যত উপনীত হোৱাৰ সমান্তৰালকৈ নিজৰ কলমৰে নিগৰি অহা লিখনি সমাজৰ কল্যাণৰ অৰ্থে বিলাই দিছিলোঁ । আজিও ইয়াৰ ব্যতিক্ৰম নহয়’’।

প্ৰেছ দিৱসত আলফাৰ মৃত্যুৰ ভাবুকিৰ কথা সোঁৱৰণ কনকসেন ডেকাৰ

বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে তেখেতৰ সুদীৰ্ঘদিনৰ সাংবাদিকতাৰ কিছু অভিজ্ঞতা বণৰ্না দি কয়, ‘‘এটা সময়ত চৰকাৰৰ কিছু জনবিৰোধী কাৰ্যকলাপ আৰু সক্ৰিয় বিদ্ৰোহী সংগঠনৰ এটাৰো হঠকাৰিতা কামকাজৰ বিৰুদ্ধে সাহসেৰে লিখাৰ বাবেই ৰজাঘৰ আৰু আলফাৰ পৰা কেইবাবাৰো মৃত্যুৰ ভাবুকি পৰ্যন্ত পোৱা গৈছিল ৷ কিন্ত তেনে ভাবুকিতো নতশীৰ নহৈ দৃঢ়তাৰে সংবাদ পৰিৱেশন কৰি অহা হৈছে’’৷

সভাখনত বিশিষ্ট অতিথি হিচাবে ভাগ লৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি গীতাৰ্থ পাঠকে দেশত শেহতীয়াকৈ সংবাদ মাধ্যমৰ কন্ঠ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন পন্থা গ্ৰহণ কৰা কাৰ্য চতুৰ্থ স্তম্ভ প্ৰতি ভাবুকি বুলি অভিহিত কৰে৷ এনে প্ৰেক্ষাপটত সাংবাদিকসকলে যিকোনো চাপকো কৰ্ণপাত নকৰি সততা আৰু সাহসেৰে সংবাদ পৰিৱেশন কৰি যাব লাগে বুলি ব্যক্ত কৰে ।

সভাত সন্মানীয় অতিথিৰূপে অংশ লোৱা দৈনিক অগ্ৰদূত'ৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা, জ্যেষ্ঠ সাংবাদিকদ্বয় ড৹ পৰাঞ্জয় বৰদলৈ আৰু নয়নজ্যোতি ভূঞাই কয়, ‘‘সংবাদ পৰিৱেশনত নতুন প্ৰজন্মৰ সাংবাদিকসকলে বিশেষ গুৰুত্ব দিয়াতো প্ৰয়োজন’’৷ ব্যতিক্ৰমী আৰু অনুসন্ধানমূলক বাতৰিৰ ক্ষেত্ৰত কিছু সাৱধানতাৰে খোজ দিয়াৰ কথা উল্লেখ কৰে ।

জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম চমুকৈ জুৱাৰ কাৰ্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদে আঁতধৰা সভাখনত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি হেমন্ত কুমাৰ নাথ, ডুৰিণা বৰবৰুৱা, পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতা, জ্যেষ্ঠ সাংবাদিক কেশৱ বৰুৱা, পলাশ ৰঞ্জন দাস, দিগন্ত গোস্বামী, পল্লৱী শইকীয়া, সংগীতা শইকীয়াসহ কেইবাগৰাকী সাংবাদিক উপস্থিত থাকে (Press day in Guwahati)।

লগতে পঢ়ক :National Press Day: সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে চৰকাৰে !

ABOUT THE AUTHOR

...view details