গুৱাহাটী, 10 অক্টোবৰ :আজি ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস ৷ 1854 চনত ভাৰতত ডাক সেৱা আৰম্ভ কৰিছিল লৰ্ড ডেলহাউচী নামৰ ইংৰাজ বিষয়াগৰাকীয়ে ৷ তাৰ পূৰ্বেও ভাৰতত ৰাজতন্ত্ৰ চলি থকাৰ সময়তো চিঠি আদান-প্ৰদানৰ ব্যৱস্থা আছিল ৷ কটকীৰ হতুৱাই অথবা পাৰৰ পাখিত বান্ধি চিঠি পঠিওৱাৰ কথা পঢ়িবলৈ পোৱা যায় ৷ অৱশ্যে, পৰৱৰ্তী সময়ত ইংৰাজৰ শাসন কালৰ পৰাহে আনুষ্ঠানিকভাৱে ডাকতাঁৰ বা ডাক সেৱা আৰম্ভ হয় ৷ ভাৰতীয় ডাক সেৱাই অতিক্ৰম কৰিলে 150 টা বৰ্ষ ৷
চিঠি মানেই হৈছে এক মাদকতা, আবেগৰ এক মেটমৰা বোজা ৷ দূৰণিত থকা প্ৰিয়জনৰ খবৰ ল’বলৈ আকুণ্ঠতাৰে লিখ যায় নীলা খামৰ চিঠি ৷ আনহাতে, চিঠি এখন আহিব আহিব বুলি বাটলৈ চাই থকা, নঙলা খোলাৰ শব্দ শুনিলেই, অথবা কাৰোৱাৰ চাউকেলৰ টিলিঙা বাজিলেই ডাকোৱাল আহিছে নেকি বুলি আগ চোতাললৈ লৱৰি আহি চোৱাৰ মাদকতাই সুকীয়া ৷
যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি লাহে লাহে হেৰাই গ’ল চিঠি ৷ আজিকালি ডাকোৱাল নাহে ৷ পূৰ্বতে যি ডাকঘৰত নিতৌ চাৰি-পাঁচশখন চিঠিৰ আদান প্ৰদান হয় তাত এতিয়া মাত্ৰ কিছুমান নিৰ্দিষ্ট বিষয়ৰ নথি-পত্ৰৰ হে হস্তান্তৰৰ কাম হয় ৷ যোগাযোগ সেৱাৰ দ্ৰুত প্ৰসাৰে আবেগ ভৰা চিঠি অথবা ডাক সেৱাৰ গুৰুত্ব বহুখিনি কমাই আনিলে ৷