অসম

assam

ETV Bharat / state

উত্তৰ-পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ পথত এন পি পি - গুৱাহাটী

উত্তৰ-পূৱৰ 25টা লোকসভা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিব এন পি পিয়ে

এন পি পিৰ অসম শাখা

By

Published : Mar 6, 2019, 9:15 PM IST

গুৱাহাটী, 6 মাৰ্চ : পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিক লগত লৈ চৰকাৰ গঠন কৰা কনৰাড চাংমাৰ ৰাজনৈতিক দল এন পি পি অগ্ৰসৰ হৈছে উত্তৰ-পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ দিশে । মেঘালয়ৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজৰাম আৰু নাগালেণ্ডৰ পাচত এইবাৰ অসমৰ দিশে অগ্ৰসৰ হৈছে এন পি পি । বুধবাৰে গণেশগুৰিৰ গণেশ মন্দিৰ উদ্যানত এন পি পিয়ে আৰম্ভ কৰিলে এন পি পিৰ অসম শাখা । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতি এন পি পিৰ অসম শাখাৰ মুকলি অনুষ্ঠানত দলটোৰ অসম শাখাৰ বিভিন্ন পদৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

এন পি পিৰ অসম শাখা
উত্তৰ পূৱৰ বিভিন্ন সমস্যা আৰু দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰাৰ সংকল্প গ্ৰহণ মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ । লগতে উত্তৰ পূৱৰ সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠন সমূহক একগোট হৈ এই বিলখনৰ বিৰোধিতা কৰাৰ আহ্বান জনায় তেওঁ । ইপিনে কিছুদিন পূৰ্বে অসম গণ পৰিষদ ত্যাগ কৰা দিলীপ বৰাক এন পি পিৰ অসম শাখাৰ সমন্বয়ক হিচাপে নিযুক্তি প্ৰদান কৰে দলটোৱে ।।

ABOUT THE AUTHOR

...view details