গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ সফল তেতিয়াহে হ’ব যেতিয়া এইসমূহৰ সুবিধা তৃণমূল পৰ্যায়লৈ যাব । উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৱাহাটীত আয়োজিত 'জনতাৰ পৰিকল্পনা অভিযান,২০২১' বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰিয়েণ্টেশ্যন কৰ্মশালা(সবকী যোজনা, সবকা বিকাশ)ত এইদৰে কয় মুখ্য বক্তা কেন্দ্ৰীয় পঞ্চায়তীৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কপিল ম'ৰেশ্বৰ পাটিলে ।
উন্নয়নমূলক আঁচনিসমূহৰ লাভ তৃণমূল পৰ্যায়ত পাবই লাগিব তেওঁ কয় যে, দেশৰ গ্ৰামাঞ্চলৰ লোকসকলৰ কল্যানৰ বাবে গাঁও পঞ্চায়তসমূহে কঠোৰ পৰিশ্ৰম কৰিছে । তেওঁ বিশেষকৈ উত্তৰ-পূব মণ্ডলৰ মহিলা আত্মসহায়ক গোটসমূহে অতি ফলপ্ৰসূ ৰূপত কাম কৰা বুলি উল্লেখ কৰে ৷ তেওঁ অংশগ্ৰহণকাৰীসকলক গাঁও সভাত অধিক হাৰত মহিলাক জড়িত কৰাৰ আহ্বান জনায়, যাতে তেওঁলোকে তেওঁলোকৰ সমস্যাৱলী অৱগত কৰাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুবিধা ল’ব পাৰে ৷
লগতে পঢ়ক:দৰঙৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
মন্ত্ৰী পাটিলে লগতে উন্নয়নমূলক আঁচনিসমূহৰ সন্দৰ্ভত পত্ৰ বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যাতে গ্ৰামাঞ্চলৰ জনতাই এই ক্ষেত্ৰত সজাগ হৈ আঁচনিসমূহৰ অধিক সুবিধা উপভোগ কৰিব পাৰে । উল্লেখ্য যে, গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অন্তৰ্ভুক্তিমূলক আৰু উৎকৰ্ষমূলক প্ৰস্তুতিৰ লক্ষ্যৰে ‘সবকী যোজনা, সবকা বিকাশ’ শীৰ্ষক জনতাৰ পৰিকল্পনা অভিযানৰ শুভাৰম্ভ কৰা হৈছিল ৷
‘সবকী যোজনা, সবকা বিকাশ’ৰ উদ্দেশ্য হৈছে নিৰ্বাচিত প্ৰতিনিধি আৰু আত্মসহায়ক গোটসমূহক ব্যাপক ৰূপত শক্তিশালী কৰা ৷ এন আই আৰ ডি পি আৰ-এন ই আৰ চিয়ে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সহযোগত গুৱাহাটীত দিনযোৰা কাৰ্যসূচীৰে এই কৰ্মশালা আয়োজন কৰে ৷ কৰ্মশালাত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে জনতাৰ পৰিকল্পনা অভিযানৰ সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰে ৷
লগতে পঢ়ক:আচলতে কি হৈছে গৰুখুটিত ?