গুৱাহাটী, 14 ছেপ্টেম্বৰঃশুকুৰবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'শল্যকণ 2019' শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ । অস্ত্ৰোপ্ৰচাৰ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বিভিন্ন দিশ আলোচনা চক্ৰখনিত মূল বিষয়বস্তু । আলোচনা চক্ৰখনিত উপস্থিত থাকে আয়ুসৰ সঞ্চালক মনালিছা গোস্বামী, ৰাষ্ট্ৰীয় শুশ্ৰূত সংগঠনৰ সভাপতি প্ৰফেছৰ কে কে থাকৱাল, উপ সভাপতি এম চাহু, সাধাৰণ সম্পাদক শিৱজী গুপ্তাৰ লগতে বিভিন্ন ৰাজ্যৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ গৱেষক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে, ছাত্ৰ-ছাত্ৰীসকল ।
আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ - national covention at ayurvedic college jalukbari
আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ৷ অস্ত্ৰোপ্ৰচাৰ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনাচক্ৰখনৰ জৰিয়তে কৰা হয় আলোকপাত ৷
national covention at ayurvedic college jalukbarinational covention at ayurvedic college jalukbari
ইয়াৰোপৰিও, আলোচনা চক্ৰখনৰ জৰিয়তে আয়ুৰ্বেদিক চিকিৎসালয়ৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোকপাত কৰে গৱেষক শিক্ষকসকলে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ উপযোগী হোৱাকৈ এখনি বিশেষ গ্ৰন্থ উন্মোচনো কৰা হয় । অস্ত্ৰোপ্ৰচাৰৰ বিভিন্ন দিশ সন্নিৱিষ্ট কৰা হৈছে এই গ্ৰন্থখনত ৷
Last Updated : Sep 14, 2019, 7:22 AM IST