গুৱাহাটী,১৩ জুন:ইছলামিক সংগঠন Popular Front of India(PFI) আৰু Campus Front of India (CFI)ক নিষিদ্ধ ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে(National Bajrang Dal lodges strong protest in Guwahati) । সোমবাৰে দীঘলী পুখুৰীৰ পাৰত দলটোৰ সদস্যসকলে জয় শ্ৰী ৰাম, ভাৰত মাতা কি জয়, ৰাষ্ট্ৰীয় বজৰংগ দল জিন্দাবাদ, PFI আৰু CFI ক নিষিদ্ধ কৰক, ইছলামিক মৌলবাদী সংগঠন কঠোৰ হাতেৰে দমন কৰক আদি শ্লোগান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ অসম প্ৰদেশৰ সভাপতি দিনেশ কলিতাই কয় যে অসমত PFI জেহাদী কাৰ্যকলাপৰ লগত জড়িত হৈ আছে । অতি শীঘ্ৰে অসম চৰকাৰে PFI আৰু CFI ক নিষিদ্ধ ঘোষণা কৰিব লাগে । সংগঠনটো কেৰেলাত ২৭ টা হত্যাকাণ্ডৰ গোচৰত জড়িত হৈ আছে । কেৰেলা উচ্চ ন্যায়ালয়ে ইয়াক উগ্ৰপন্থী সংগঠন বুলি অভিহিত কৰিছে ।