গুৱাহাটী, 17 ফেব্ৰুৱাৰী: বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতিক অধিক তৰান্বিত কৰি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ আৰু সহ-প্ৰভাৰী জিতেন্দ্ৰ সিং অসমত উপস্থিত হৈছেহি।
জাৱিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ 12 বজাত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত নৰেন্দ্ৰ সিং টোমৰে বিধানসভাৰ প্ৰভাৰী, মণ্ডল সভাপতি সৈতে দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব । আবেলি 4 বজাত তেওঁ খানাপাৰাৰ জয়ানগৰত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংবাদকোষৰ কাৰ্যালয় শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷