গুৱাহাটী,8 জানুৱাৰীঃ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শাসনাধীন বিজেপি চাৰকাৰখনৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আধুনিক জিন্নাৰ সৈতে একে আৰ্দশ নৰেন্দ্ৰ মোদীৰ বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷
JNUত সংঘটিত আক্ৰমণৰ ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেখেত কয় যে,JNUৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে ৷ পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। বিজেপিয়ে এতিয়া জনতাৰ আস্থা হেৰুৱাই পেলাইছে। সেয়েহে এতিয়া দমন আৰু প্ৰলোভনৰে দেশ শাসন কৰিবলৈ চেষ্টা কৰিছে। হিটলাৰী শাসনৰ দিশে গতি কৰিছে দেশৰ শাসন ব্যৱস্থা ।