গুৱাহাটী,৩ ফেব্ৰুবাৰী :নেতৃত্ব কেন্দ্ৰিক সংঘাতৰ বাবেএবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল (Asam Sahitya Sabha present committee tenure extension)। সভাপতি আসনক লৈ সভাৰ ভিতৰত চলি থকা শীতল যুদ্ধৰ বাবেই নিৰ্ধাৰিত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন (Narayanpur convention of Asam Sahitya Sabha adjourned)। উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰ অধিৱেশন হোৱাৰ কথা আছিল । ক'ভিড পৰিস্থিতিৰ বাবে অধিৱেশনখন অহা বছৰ ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলি সংবাদমেলত সভাপতি ডঃ কুলধৰ শইকীয়াই কয় ।
বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত মৰ্মে নাৰায়ণপুৰৰ অধিৱেশন নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমিতিখনৰ কাৰ্যাকাল বাহাল থাকিব বুলি সিদ্ধান্ত লোৱা হয় । একেদৰে সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব । প্ৰতিনিধি সভাত নাৰায়ণপুৰ আদৰণি সমিতিয়ে অধিৱেশনখন চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰা কথা লিখিত আকাৰে প্ৰতিবেদন দাখিল কৰা বুলিও সভাপতি শইকীয়াই উল্লেখ কৰে ।