গুৱাহাটী, ১৯ নৱেম্বৰ :শুকুৰবাৰে কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ (এম এছ এম ই) মন্ত্ৰী নাৰায়ণ টাতু ৰাণেয়ে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত সেৱা খণ্ডৰ বাবে বিশেষ ঋণ সংযোজিত মূলধন সাহাৰ্য আঁচনি মুকলি কৰে । আঁচনিখনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাণেয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীসকলে ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ দৃষ্টিভংগী পূৰণত অৱদান আৰু সমৰ্থন অগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । তেওঁ সকলোকে উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় ।
যাৰ দ্বাৰা অঞ্চলটোত নিবনুৱা সমস্যা হ্ৰাস কৰাত অধিক পৰিমাণে সহায়ক হ'ব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এম এছ এম ইৰ সামগ্ৰীৰ উৎপাদন আৰু বিপণন বৃদ্ধিয়ে দেশৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব । উদ্যোগীসকলে তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ বাবে অধিক পৰিশ্ৰম কৰা উচিত আৰু এম এছ এম ই মন্ত্ৰালয়ে তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ সদায়ে প্ৰস্তুত থাকে বুলি তেওঁ কয় ।