গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : দেশৰ শিক্ষা ব্যৱস্থাত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমূল পৰিৱৰ্তন আনিব (national education policy 2020) । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী নৱম আৰু দশম শ্ৰেণীৰ লগত বিদ্যালয় পৰ্যায়ত সংযুক্ত হ’ব একাদশ আৰু দ্বাদশ শ্ৰেণী । চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰাই ৰাজ্যত নতুন শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (NEP implimented from 2023 in Assam) । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ইয়াৰ কাৰ্যকৰীকৰণ প্ৰসংগত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই এই সম্ভাৱনাৰ কথা ব্যক্ত কৰে (Assam govt education advisor Nanigopal Mahanta) ।
আনহাতে, নতুন শিক্ষা নীতিৰ আধাৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে । ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতি প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা বুলিও প্ৰকাশ কৰে । উল্লেখ্য যে নতুন শিক্ষা নীতি অনুযায়ী মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম । আনহাতে, বিদ্যালয় পৰ্যায়ত নৱম-দশম শ্ৰেণীৰ লগত সংযুক্ত হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম । উল্লেখ্য যে আগন্তুক শিক্ষাবৰ্ষৰ পৰা নাথাকে মেট্ৰিক বুলি কোনো পৰীক্ষা । যাৰ ফলত নাথাকিব কোনো ষ্টেণ্ড বা স্থানৰ ব্যৱস্থাও ।
ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে নতুন শিক্ষা নীতি অনুসৰি মহাবিদ্যালয়ৰ পৰা প্ৰথমে উচ্চতৰ মাধ্যমিক কলা শাখা বিদ্যালয়লৈ নিয়া হ'ব । পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা মহাবিদ্যালয়ৰ পৰা বিদ্যালয়লৈ নিয়া হ'ব । তদুপৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কাৰণে শিক্ষা মন্ত্ৰীৰ নেতৃত্বত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে । আনহাতে, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম কেনেধৰণৰ হ'ব তাৰ বাবে এটা মডেল প্ৰস্তুত কৰা হৈছে ।