গুাৱাহাটী,17 অক্টোবৰঃ সামাজিক মাধ্যমত প্ৰায়েই মহিলাসকলক লক্ষ্য কৰি লোৱা হয় ৷ একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন অশালীন মন্তব্য কৰি মহিলাসকলক জনসমাজত হেয় প্ৰতিপন্ন কৰিব খুজি আহিছে ৷ সামাজিক মাধ্যমত মহিলাক বিভিন্ন অশ্লীল মন্তব্যৰে সমালোচনা কৰি মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে এটা বিশেষ অসাধু চক্ৰই ৷” এই মন্তব্য ৰাজ্যৰ এগৰাকী ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিৰ ৷
সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱা নন্দিনী বৰকাকতিৰ গোচৰ - fir aginest social media
‘Page-3 বুটিক’ নামৰ এক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নন্দিনী বৰকাকতিক শেহতীয়াকৈ সামাজিক মাধ্যমত আন এগৰাকী ফটোগ্ৰাফাৰ, গুৱাহাটী মহানগৰীৰ ইমেজ এক্টিভ ফটো ষ্টুডিঅৰ স্বত্বাধিকাৰী কমল বৰ্মনে বিভিন্ন অশ্লীল ভাষাৰে সমালোচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে নন্দিনী বৰকাকতিয়ে ৷
![সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱা নন্দিনী বৰকাকতিৰ গোচৰ nandini borkakati fir aginest social media criticiser at chandmari police station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9211977-961-9211977-1602938670637.jpg)
বৰকাকতিৰ মন্তব্য, “সামাজিক মাধ্যমৰ মন্তব্য ৰখাতো সকলোৰে অধিকাৰ আছে ৷ সেইবুলিয়েই অশ্লীল ভাষা ব্যৱহাৰ কৰি মহিলা সকলক মানসিক ভাৱে হাৰাশাস্তি কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে ৷” উল্লেখ্য যে শেহতীয়াকৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখিন হৈছে এইগৰাকী ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতি ৷ ‘Page-3 বুটিক’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নন্দিনী বৰকাকতিক শেহতীয়াকৈ সামাজিক মাধ্যমত ফটোগ্ৰাফাৰ কমল বৰ্মনে বিভিন্ন অশ্লীল ভাষাৰে সমালোচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে নন্দিনী বৰকাকতিয়ে ৷ এই প্ৰসংগত মহানগৰীৰ চানমাৰী থানাতকমল বৰ্মনৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছে নন্দিনী বৰকাকতিয়ে ।
লগতে পঢ়কঃ পুনৰ সাংবাদিক নিগ্ৰহঃদোষীক শাস্তিৰ দাবীৰে শিৱসাগৰত আছুৰ কলা পতাকা প্ৰদৰ্শন