ইতিহাস হ'ব অসমৰ নামৰূপ সাৰ কাৰখানা গুৱাহাটী,২২ জুলাই :বিজেপি চৰকাৰৰ দিনত এটাৰ পাচত আনটোকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বন্ধ হৈ আহিছে । দুটাকৈ কাগজ কলৰ দৰে ইতিহাস হ'ব নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড অথবা নামৰূপ সাৰ কাৰখানা । ইতিমধ্যে নামৰূপ সাৰ কাৰখানাক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নিটি আয়োগৰ পৰামৰ্শ অনুসৰি শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
উল্লেখ্য যে নামৰূপ সাৰ কাৰখানা বন্ধ হোৱাৰ দিশে গতি কৰা সন্দৰ্ভত ১২ মে'ত ইটিভি ভাৰতৰ তৰফৰ পৰা সবিস্তাৰে এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল । 'কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে সংকটত নামৰূপ সাৰ কাৰখানা' শীৰ্ষক বাতৰিটো অৱশেষত সত্য ৰূপে প্ৰমাণিত হ'ল । শুকুৰবাৰে লোকসভাৰ প্রশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত এই কথা স্পষ্ট হৈ পৰে ।
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই প্ৰকাশ কৰা তথ্য মতে ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ' পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ।
লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে ৰহস্যজনকভাৱে এই কথা ইমান দিনে গোপনে ৰাখিছিল । সদনৰ প্ৰশ্নোত্তৰ কালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ পৰামৰ্শমৰ্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ কথা চৰকাৰে ৰাজহুৱা কৰিবলৈ বাধ্য হয় ।
বিভাগীয় মন্ত্ৰীজনে প্ৰদান কৰা এটা লিখিত বিবৃতিত এই কথাও লগতে জনাই যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ অধীনত গ্ৰহণ কৰা নব্য ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিত সাৰ উদ্যোগক 'নন-ষ্ট্রেটেজিক' খণ্ড হিচাবে গ্ৰহণ কৰা হৈছে । 'নন-ষ্ট্রেটেজিক' খণ্ডত চিহ্নিত হোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা নাইবা বন্ধ কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে ।
উল্লেখ্য যে মৃতপ্রায় নামৰূপ সাৰ কাৰখানাৰ ব্যক্তিগতকৰণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে নিটি আয়োগৰ পৰামৰ্শমৰ্মে কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটো স্থায়ী ৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।
লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো পুনৰুজ্জীৱিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পাচত কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পাচতেই নামৰূপ সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰা হ'ব বুলি ২০১৫ চনৰ ২১ মে'ৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু প্ৰকৃততে সেয়া কাৰ্যকৰী কৰা হোৱা নাছিল ।
নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই ইতিহাস হোৱাৰ বাবে সাজু হৈ উঠিল নামৰূপ সাৰ কাৰখানা । কেন্দ্ৰীয় চৰকাৰৰ গভীৰ ষড়যন্ত্ৰৰ বাবে একমাত্র সাৰ কাৰখানাটোও বন্ধ হোৱাৰ দিশে গতি কৰিলে । তলা ওলমিবলৈ আৰু বেছি দিন নালাগিব । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে সাৰ উদ্যোগটোত নতুন ইউনিট স্থাপন নকৰি পুৰণিটোতে উৎপাদন কৰি থাকিব লগা হৈছিল ।
উত্তৰ-পূর্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া কেন্দ্ৰীয় চৰকাৰে চতুৰ্থ গোট স্থাপনৰ নামত কাৰ্যতঃ অসমক প্ৰতাৰণাৰ কৰিলে । উল্লেখ্য যে চৰকাৰী তথ্য মতে নামৰূপ সাৰ কাৰখানাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত লোকচান আছিল ৬৩.১৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ১২৯.৭০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ১৩৭.৭৫ কোটি টকা । লোকচানৰ এই পৰিমাণ বর্তমান প্রায় ১৫০ কোটি টকা হৈছেগৈ । জোৰা-টাপলি মাৰি চলাই থাকিলে লোকচান হোৱাটো স্বাভাৱিক যদিও কেন্দ্ৰীয় চৰকাৰে উদ্যোগটো পুনৰ নিৰ্মাণ বা নতুন গোট স্থাপন কৰাত অলপো গুৰুত্ব নিদি সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।
লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৫টা বন্ধ হৈ থকা সাৰ উদ্যোগ 'নমিনেশ্যন ছিষ্টেম'ৰ যোগেদি নতুনকৈ স্থাপন কৰি বৰ্তমান উৎপাদনক্ষম কৰি তুলিছে । কিন্তু নামৰূপ সাৰ কাৰখানাক বন্ধ কৰাৰ সিদ্ধান্ত ল'লে । ইফালে নামৰূপ সাৰ উদ্যোগটোক নৱজীৱন দিয়াত চূড়ান্ত ৰূপত ব্যৰ্থ হ'ল সাংসদ তথা কেন্দ্রীয় পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী । যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত ইতিহাস হোৱাৰ পথত নামৰূপ সাৰ কাৰখানা ।
লগতে পঢ়ক :ARTFED: মৃত্যুৰ ক্ষণ গণিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আর্টফেডে