গুৱাহাটী, 26 জুলাই: অৱশেষত ভাল খবৰটো আহিল । বন্ধ নহয় নামৰূপ সাৰ কাৰখানা । শুকুৰবাৰে লোকসভাৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নীতি আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই নামৰূপ সাৰ কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো পোহৰলৈ আহিছিল । ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল । ঠায়ে ঠায়ে অব্যাহত আছিল প্ৰতিবাদ ।
ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছতে সলনি হয় কেন্দ্ৰৰ সিদ্ধান্ত । কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যম যোগে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে স্পষ্ট কৰি কয় যে, বন্ধ কৰা নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ'ব । সোণোৱালে জনোৱা মতে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত মঙলবাৰে তেওঁ নামৰূপৰ সাৰ কাৰখানা সন্দৰ্ভত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সৈতে নতুন দিল্লীত এখন বৈঠকত মিলিত হয় । বৈঠকত সাৰ কাৰখানাটোৰ গুৰুত্ব সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।
আলোচনাৰ অন্তত মনসুখ মাণ্ডাভিয়াই স্পষ্ট কৰি দিয়ে যে, নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (BVFCL) সাৰ প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ'ব । ইয়াৰ উপৰি এটা নেন' ইউৰিয়া প্ৰকল্পও স্থাপন কৰা হ'ব, য'ত মূলতঃ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব । তাৰ পৰা উৎপাদিত ইউৰিয়া আৰু নেন' ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰে ।
লক্ষ্যণীয় বিষয় যে, লোকসভাৰ প্ৰশ্নোত্তৰকালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিষয়টো স্পষ্ট হৈ পৰিছিল । সদনত কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই প্ৰকাশ কৰা তথ্য মতে ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ’ পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ।