অসম

assam

By

Published : Aug 14, 2019, 6:33 PM IST

ETV Bharat / state

শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে অসমৰ 2000 মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। মোদী চৰকাৰে প্ৰেৰণ কৰা পত্ৰৰ আধাৰত শীঘ্ৰে এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

গুৱাহাটী, 14 আগষ্টঃ অসমৰ দল সংগঠন তথা জনসাধাৰণৰ প্ৰবল বিৰোধিতাৰ পিছতো শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মোদী চৰকাৰৰ । প্ৰাপ্ত তথ্য অনুসৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ উঠিপৰি লাগিছে বৃহৎ নদীবান্ধৰ পোষকতা কৰি অহা বিজেপি চৰকাৰে । কেন্দ্ৰৰ বন পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে চলিত বৰ্ষৰ ১৩ জুনত NHPC ৰ অধ্যক্ষ তথা পৰিচালক সঞ্চালকলৈ দিয়া এক নিৰ্দেশ পত্ৰৰ পৰা এই কথা পোহৰলৈ আহিছে । পত্ৰখনত স্পষ্টভাৱে কোৱা হৈছে যে অতি সোনকালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰিলে উত্তৰ পূবত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অন্যান্য নদী বান্ধ নিৰ্মাণ কৰা সম্ভৱ হ'ব ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

উল্লেখ্য় যে ২০০২ চনত এই প্ৰকল্পটোৰ নিৰ্মাণৰ ব্যয় ধাৰ্য কৰা হৈছিল প্ৰায় ২৬০০ কোটি টকা আৰু ২০১১ চনত ব্যয়ৰ পৰিমাণ ৮ হাজাৰ কোটি টকা লৈ বৃদ্ধি কৰা হয় । বৰ্তমান সেই পৰিমাণ ২৪ হাজাৰ কোটি টকা লৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে । আনহাতে কেন্দ্ৰৰ বন পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে প্ৰেৰণ কৰা পত্ৰ অনুসৰি অতি সোনকালে কাম আৰম্ভ নকৰিলে অসম্পূৰ্ণ হৈ থকা অংশ বোৰ অচল হৈ পৰিব যাৰ বাবে সমগ্ৰ প্ৰকল্পটো বিকল হৈ পৰাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details