গুৱাহাটী, 3 মে’ :সকলো জল্পনা-কল্পনাৰ অন্ত পেলায় মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) কৰা হয় ৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে মৃগেন শৰণীয়া আৰু ডেপুটি মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ মঙলবাৰে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়(Assam state BJP office) ত অনুষ্ঠিত এখন জৰুৰী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে মৃগেন শৰণীয়া আৰু ডেপুটি মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ঘোষণা কৰে ৷
উল্লেখ্য যে, মৃগেন শৰণীয়াই পূৰ্বেও গুৱাহাটী পৌৰ নিগম(Former GMC Mayor Mrigen Sarania)ৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ শৰণীয়াই তিনিবাৰকৈ গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল ৷ শৰণীয়াৰ পূৰ্বে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতিৰ দায়িত্ব পালন কৰা অভিজ্ঞতা আছে ৷ ইপিনে ডেপুটি মেয়ৰ হিচাপে মনোনীত কৰা স্মিতা ৰয় বিজেপিৰ ২২ নং ৱাৰ্ডৰ প্ৰাৰ্থী আছিল ৷ তেওঁ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৷ ইয়াৰ পূৰ্বেও ৰয়ৰ এৰিয়া মেম্বাৰ হিচাপে তেওঁৰ দলে বিচৰা অভিজ্ঞতা আছে ৷ তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদত কার্যনিৰ্বাহ কৰিছিল ৷
লগতে চাওক:কংগ্ৰেছৰ শূণ্য প্ৰদৰ্শন: অভিলেখ সৃষ্টি কৰি গেৰুৱা হ’ল গুৱাহাটী পৌৰ নিগম