গুৱাহাটী, ২৫ মে': চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ জনাই এইক্ষেত্রত ন্যায় সংগত ব্যৱস্থা গ্ৰহণৰ দাবীৰে মঙলবাৰে সচেতন নাগৰিক মঞ্চ, অসমৰ তৰফৰ
পৰা ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰা হয় । সচেতন নাগৰিক মঞ্চৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ দিয়া স্মাৰক পত্র প্ৰদান কৰে ।
স্মাৰক পত্র যোগে সংগঠনটোৱে কয় যে, ‘পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনোত্তৰ হিংসাত একাংশ দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত পৰিকল্পিত আক্ৰমণত কেইবাগৰাকীও নিৰপৰাধী লোক নিহত হোৱাৰ উপৰিও হাজাৰ হাজাৰ লোক পৰিকল্পিত আক্ৰমণৰ বলি হ'ব লগা হৈছে । এই ঘটনাত প্ৰায় ২৩ জন লোক নিহত হোৱাৰ উপৰিও ৪ গৰাকীৰো অধিক মহিলা ধৰ্ষিতা হৈছে । তদুপৰি ৩৯ গৰাকী মহিলাই ধৰ্ষণৰ ভাবুকিৰ সন্মুখীন হৈছে । ইয়াৰ উপৰিও ২,১৫৭ জন লোকক আক্ৰমণৰ লগতে ৬৯২ জন লোকক মৃত্যুৰ ভাবুকি দিয়া হৈছে ।’
আনহাতে, প্ৰায় ৩৮৮৬ টা পৰিয়ালৰ সম্পত্তি বিনষ্ট কৰা হৈছে আৰু তিনি সহস্ৰাধিক গাঁৱৰ ৭০ হাজাৰতকৈ অধিক লোক এই ঘটনাত আক্ৰমণৰ সন্মুখীন হৈছে । বিভিন্ন ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী বিশেষকৈ অৰ্থনৈতিক ভাৱে পিছপৰা অনুসুচিত লোকসকল আক্ৰমণকাৰীৰ মূল লক্ষ্য হৈ পৰিছে । বৰ্তমান ক্ষতিগ্ৰস্ত লোকসকলে ১৯১ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ।
অসমৰ সীমামুৰীয়া অঞ্চলসমূহত ১৮০০তকৈয়ো অধিক লোক আশ্ৰয় গ্ৰহণ কৰি আছে । পশ্চিমবংগ চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণত ক্ষতিগ্ৰস্থ লোকসকলৰ এজাহাৰৰ উপৰিও নিহত হোৱা ঘটনাৰো কোনোধৰণৰ এজাহাৰ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ বিপৰীতে আহতসকলে প্ৰাথমিক চিকিৎসা পৰ্যন্ত লাভ কৰা নাই । যি সময়ত সমগ্ৰ বিশ্বই ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ চলাই আছে সেই সময়ত প্ৰাণৰ মমতাত জাকে জাকে নিৰপৰাধী লোকসকলে সামাজিক ব্যৱধান পৰিহাৰ কৰি অসমত ঠাহ খাই পৰিছে ।