অসম

assam

ETV Bharat / state

"কা"বিৰোধী নেতা কৰ্মীৰ ওপৰত চৰকাৰে চলাইছে দমন! - nagarik sabha press meet

"কা"বিৰোধী নেতা কৰ্মীৰ ওপৰত চৰকাৰে চলাইছে প্ৰণালীবদ্ধ দমন, উৎপীড়ন । ইয়াৰ উপৰিও এনে নেতা কৰ্মীৰ বিৰুদ্ধে চৰকাৰে ভুৱা গোচৰ জাপি দি কাৰাগাৰলৈ নিক্ষেপ কৰিছে । বহস্পতিবাৰে এই ঘটনাক গৰিহণা দিয়ে নাগৰিক সভাই ৷

নাগৰিক সভা
"কা"বিৰোধী নেতা কৰ্মীৰ ওপৰত চৰকাৰে চলাইছে দমন!

By

Published : Mar 19, 2020, 9:41 PM IST

গুৱাহাটী, 19 মাৰ্চঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে নাগৰিক সভাই । সংবাদমেলত তেওঁলোকে কয় যে, চৰকাৰৰ বিৰুদ্ধে অৱস্থান লোৱা নেতা, কৰ্মী সকলক এনেদৰে দমন চলোৱাৰ উপৰিও বিজেপি দলৰ নেতা কৰ্মীয়ে সামাজিক মাধ্যমতো অপপ্ৰচাৰ চলাইছে । শেহতীয়াকৈ মানস ৰবীন,শৃংখল চলিহা, মীৰা বৰঠাকুৰ এনে আক্ৰমণৰ সন্মুখীন হৈছে বুলি অভিযোগ তোলে নাগৰিক সভাই । আনহাতে, সংবাদমেলত উপস্থিত থাকে মনজিৎ মহন্ত,অজিত ভূঞা, হাইদৰ হুছেইন, অদীপ ফুকনকে ধৰি বহুকেইজন লোক ৷

"কা"বিৰোধী নেতা কৰ্মীৰ ওপৰত চৰকাৰে চলাইছে দমন!

ABOUT THE AUTHOR

...view details