অসম

assam

ETV Bharat / state

বিটিচিত শীঘ্ৰে অনুষ্ঠিত কৰক নিৰ্বাচন :নৱ শৰনীয়া - নীতি নিয়ম জলাঞ্জলি

নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে বহু সমস্যাত পৰিছে বিটিচিৰ জনসাধাৰণ ; এই মন্তব্য গণ সুৰক্ষা মঞ্চৰ নেতা নৱ শৰণীয়াৰ ৷ লগতে কলে, বিটিচিত শাসনত থকা দলটোৰ মন্ত্ৰীয়ে ক’ভিড প্ৰ'ট'কল ভাঙি ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো সমিচীন হোৱা নাই ৷

naba sarania press meet at guwahati regardes btc election
বিটিচিত শ্ৰীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰকঃ নৱ শৰনীয়া

By

Published : Sep 23, 2020, 4:31 PM IST

Updated : Sep 23, 2020, 5:17 PM IST

গুৱাহাটী,23 ছেপ্তেম্বৰঃ ৰাজ্যত ক’ভিড-19 ৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে ৷ তাৰ মাজতে ৰাজ্যৰ সমাগত বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে ব্যাপক তৎপৰতা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ৷ ইপিনে বিটিচিত সময় মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে সম্প্ৰতি ৰাজ্যপালৰ শাসন বলবৎ হৈ আছে ৷ সম্প্ৰতি বিটিচিৰ শাসনৰ গাদী দখল কৰিবলৈ বি পি এফ, বিজেপি , গণ সুৰক্ষা পাৰ্টী , ইউ পি পি এল আদি ৰাজনৈতি দল সমূহে ক’ভিড-19 ৰ প্ৰ’টকল অমান্য কৰিও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ৷

শেহতীয়াকৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই বিটিচিত বৃহৎ জনসভাত অশংগ্ৰহণ কৰাক কেন্দ্ৰ কৰিও বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মূখীন হ’ব লগীয়াত পৰিছে ৷ কিয়নো যি গৰাকী মন্ত্ৰীয়ে দুদিন আগলৈকে জনসাধাৰণক সামাজিক দুৰত্ব তথা ক’ভিড প্ৰটকল সমূহ মানি চলিবলৈ কৈ আহিছিল, সেই গৰাকী মন্ত্ৰীয়ে এতিয়া ৰাজনৈতি ক্ষমতা দখলৰ বাবে সকলো নীতি নিয়ম জলাঞ্জলি দিয়া পৰিলক্ষিত হৈছে ৷

বিটিচিত শ্ৰীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰকঃ নৱ শৰনীয়া

ইপিনে তাৰ মাজতে বুধবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি গণ সুৰক্ষা মঞ্চৰ নেতা নৱ শৰণীয়াই উল্লেখ কৰে যে, বিটিচিত শাসনত থকা দলটোৰ মন্ত্ৰীয়ে ক’ভিড প্ৰ'ট'কল ভাঙি ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো সমিচীন হোৱা নাই ৷ যাৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচন পিছুৱাই দিব লাগে বুলি নিৰ্বাচনী বিষয়া লৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে ৷ সেয়া হৈ উঠিলে পুনৰ ব্যাপক সমস্যাৰ সন্মুখীন হ'ব জনসাধাৰণ ৷ সেয়ে অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী তুলিছে নৱ শৰনীয়াই ৷

আনহাতে নৱ শৰণীয়াই উল্লেখ কৰে যে, বিটিচিত ৰাজ্যপালৰ শাসন কিছু দিনৰ পিছতেই অন্ত পৰিব ৷ ইয়াৰ পাছত কোনে শাসন কৰিব তাৰ বাবে কেবিনেটে সিদ্ধান্ত ল'ব ৷ গতিকে এনে পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হলেই সকলো সমস্যাৰ অন্ত পৰিব বুলি মন্তব্য কৰে শৰনীয়াই ৷ একেখন সংবাদ মেলতে নৱ শৰনীয়াই সদৰি কৰে যে, বিটিচিত থকা সকলো জাতি জনগোষ্ঠীৰ মাটিৰ সুৰক্ষা, ৰাজনৈতিক সুৰক্ষাকে আদি কৰি সকলো দিশতে গুৰুত্ব প্ৰদান কৰা হ’ব যদিহে তেঁওৰ দল শাসনৰ গাদীলৈ আহে ৷

লগতে পঢ়কঃৰঙিয়াত বানৰ বাবে পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী

Last Updated : Sep 23, 2020, 5:17 PM IST

ABOUT THE AUTHOR

...view details