অসম

assam

ETV Bharat / state

বড়ো চুক্তি কেৱল ৰাজনৈতিক মুনাফাৰ লাভৰ এটা আহিলা: নৱ শৰণীয়া - সাংসদ নৱ শৰণীয়া

"সংখ্যাগৰিষ্ঠ অবড়ো ৰাইজক উপহাস কৰি কেৱল বড়োসকলক বহুৱাই স্বাক্ষৰ কৰা এই চুক্তি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়" -নৱ শৰণীয়া ৷ বড়ো শান্তি চুক্তিক লৈ বিটিএডিৰ অবড়ো নেতা সাংসদ নৱ শৰণীয়াৰ সংবাদ মেল ৷ সংবাদমেলত বড়ো চুক্তি তথা ইউটিচি ৰ তীব্ৰ বিৰোধিতা নৱশৰণীয়াৰ ৷

NABA SARANIA ON BTC AGREEMENT
বড়ো শান্তিক চুক্তিক লৈ বিটিএডিৰ অবড়ো নেতা সাংসদ নৱ শৰণীয়াৰ সংবাদ মেল

By

Published : Jan 27, 2020, 6:31 PM IST

গুৱাহাটী,27 জানুৱাৰী:সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ বড়ো চুক্তিকলৈ গুৱাহাটী প্ৰেছ ক্লাৱত সাংসদ নৱ শৰণীয়াৰ সংবাদমেল । সংবাদমেলত এই চুক্তি তথা UTCক বিৰোধিতা কৰি সাংসদগৰাকীয়ে কয়, সংখ্যাগৰিষ্ঠ অবড়ো ৰাইজক উপহাস কৰি কেৱল বড়োসকলক বহুৱাই এই চুক্তি স্বাক্ষৰ কৰিলে কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব । চৰকাৰৰ এই ৰাজনৈতিক লাভালাভৰ বাবে এই কাৰ্য সম্পাদন কৰিছে । এই সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে, ২০০৮ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল খলনায়ক ৰঞ্জন দৈমাৰীক আগস্থানত বহুৱাই এই চুক্তি স্বাক্ষৰ কৰি চৰকাৰে উগ্ৰপন্থী সংগঠনক উৎসাহিত কৰাৰ লগতে সশস্ত্ৰ বাহিনীৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে । বিজেপি চৰকাৰৰ যদিহে ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি সদিচ্ছা আছে তেন্তে বিটিচিৰ সকলো লোককে কিয় আলোচনাৰ মেজলৈ নামাতিলে । ইয়াৰ জৰিয়তে চৰকাৰ আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুজাই দিছে যে এন ডি এফ বিৰ কান্ধত বন্দুক থৈ তেওঁলোকৰ ৰাজনৈতিক মুনাফা লভিবলৈ চেষ্টা চলাইছে ।

বড়ো শান্তিক চুক্তিক লৈ বিটিএডিৰ অবড়ো নেতা সাংসদ নৱ শৰণীয়াৰ সংবাদ মেল

ইফালে এই সংবাদমেলত উপস্থিত অবড়ো সুৰক্ষা সমিতিৰ নেতাসকলেও এই চুক্তিৰ বিৰোধিতা কৰাৰ লগতে বিজেপি চৰকাৰ আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে । হাগ্ৰামাই বিটিচিৰ পৰা উৎখাত হোৱাৰ ভয়তে জংঘলৰ পৰা মাটি আনি এন ডি এফ বিৰ হতুৱাই চুক্তি কৰিছে । নাগৰিকত্ব সংশোধনী আইন আনি যিদৰে ভাৰতীয় সংবিধানক বিজেপিয়ে ভৰিৰে মোহাৰিছে, ঠিক তেনেদৰে UTC তথা বড়ো চুক্তি স্বাক্ষৰ কৰিও সংবিধানক সম্পূৰ্ণৰূপে অৱমাননা কৰিব বিচাৰিছে । কেৱল এটা জনগোষ্ঠীক কেন্দ্ৰ কৰি স্বাক্ষৰিত এই চুক্তিক কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে । তাৰোপৰি বিটিচিৰ আগন্তুক নিৰ্বাচনত হাগ্ৰামা বাহিনীক পুলিয়ে-পোখায়ে উৎখাত কৰিবলৈ সাজু বুলিও উল্লেখ কৰে সমিতিয়ে ।

উল্লেখযোগ্য যে, চৰকাৰে অবড়োসকলৰ সমস্যাৰ কথা কোনো গুৰুত্ব নিদিলে দিশপুৰ চলৌ কাৰ্যসূচীৰে দিল্লী-দিশপুৰ কঁপাই তোলাৰ হুংকাৰ দিয়ে সাংসদ নৱ শৰণীয়াই ।

লগতে পঢ়ক:বড়ো চুক্তিক লৈ বড়ো ভূমিত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details