অসম

assam

ETV Bharat / state

ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল - আন্তঃৰাষ্ট্ৰীয় মেচ

ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল ৷ চলিত মাহৰ ৫তাৰিখে মহানগৰীৰ সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল

ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল

By

Published : Sep 3, 2019, 8:05 PM IST

Updated : Sep 3, 2019, 9:12 PM IST

গুৱাহাটী,3 ছেপ্তেম্বৰঃ চলিত মাহৰ ৫তাৰিখে মহানগৰীৰ সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল ৷ উক্ত খেলখনত ঘৰুৱা দল ভাৰতে মুখামুখি হ'ব শক্তিশালী ওমানৰ ৷ ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল ৷ ওমানৰ দলটো হোটেল নভ'টেলত থকাৰ বিপৰীতে ভাৰতীয় দলটোৱে বাহৰ পাতি আছে জালুকবাৰীৰ হোটেল ৰেডিচন ব্লু'ত৷ মঙলবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ সহযোগত অসম ফুটবল সন্থাই এই আন্তঃৰাষ্ট্ৰীয় খেলখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত জনায় মন্ত্ৰীগৰাকীয়ে ৷ বৰ্তমানলৈ প্ৰায় ১৩হাজাৰ টিকট বিক্ৰী হোৱাৰ কথা সংবাদমেলত উল্লেখ কৰে নৱ দলেই ৷ ইয়াৰ উপৰি বুক মাই শ্ব'ত টিকট উপলব্ধ হোৱাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামৰ টিকট কাউন্টাৰৰ পৰাও দৰ্শকে ক্ৰয় কৰিব পাৰিব টিকট ৷

ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল
সুনীল চেত্ৰীৰ নেতৃত্বৰ ভাৰতীয় দলটোত অসমৰ বিনিত ৰায়ক দেখিবলৈ পোৱা যাব ৷ মঙলবাৰে সন্ধিয়াৰ ভাগত পৃথকে পৃথকে দুয়োটা দলে অনুশীলন চলাব। এই আন্তঃৰাষ্ট্ৰীয় মেচখনে অসমৰ ক্ৰীড়াজগতলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি কয় অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰীগৰকীয়ে ৷
Last Updated : Sep 3, 2019, 9:12 PM IST

ABOUT THE AUTHOR

...view details