কাজিৰঙাত ন ভূঁই উৎসৱ - কৃষিজাত সামগ্ৰী
নতুন ৰূপত সংবাদমেল সম্বোধন কৃষক নেতা অখিল গগৈৰ ৷ কাজিৰঙাত পালন কৰা হ’ব ন ভূঁই উৎসৱ ৷ কৃষিজাত সামগ্ৰীৰে উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব অসমীয়াই ৷ এই উদ্দেশ্য আগত লৈয়েই ন ভূঁই উৎসৱ উদযাপন
গুৱাহাটী,10 জুলাই : এইবাৰ আন্দোলনকাৰী বা ৰাজনৈতিক নেতাক কঠোৰ বাক্য বানেৰে আক্ৰমণকাৰীৰ ৰূপত নহয়,এক নতুন ৰূপত সংবাদমেল সম্বোধন কৃষক নেতা অখিল গগৈৰ ৷ এইবাৰ অখিল গগৈয়ে আয়োজন কৰিছে উৎসৱৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কাজিৰঙাত থকা অৰ্কিড উদ্যানৰ উদ্যোগত এই মহা আয়োজন ৷ পালন কৰা হ’ব ন ভূঁই উৎসৱ ৷ অসমীয়া জাতিৰ তেল,চূণশিল,চাহপাত এতিয়া বহিৰাগত কোম্পানীৰ হাতত। অসমীয়া জাতিৰ ভৱিষ্যতৰ একমাত্ৰ সম্বল হবগৈ জৈৱ বৈচিত্ৰ সমূহ। সেয়েহে ৰাজ্যত উৎপাদিত কৃষিজাত সামগ্ৰীৰে উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব অসমীয়াই ৷ এই উদ্দেশ্য আগত লৈয়েই ভূঁই উৎসৱ উদযাপন কৰাৰ কথা জনালে অখিল গগৈয়ে ৷ কোমোৰাৰ সৈতে হাঁহৰ মাংস,কচু-কঠাল গুটিৰ দাইল আৰু সকলো ঘৰুৱা খাদ্যৰ সোৱাদ লবলৈ যাব লাগিব কাজিৰঙাত থকা অৰ্কিড উদ্যানলৈ । সমগ্ৰ অসমবাসীকে 19 আৰু 20 জুলাইত আমন্ত্ৰণ জনালে অখিল গগৈয়ে ৷