গুৱাহাটী, ২৫ ডিচেম্বৰ : মহানগৰীত মৃত্যু আজিকালি তেনেই সুলভ ৷ প্ৰত্যেক দিনাই মহানগৰীৰ বিভিন্ন স্থানত উদ্ধাৰ হ’বলৈ লৈছে মৃতদেহ ৷ মহানগৰীত যেন এতিয়া মৃত্যুৱে সকলোকে হাত বাউল দি মাতে ৷ শেহতীয়াকৈ এগৰাকী বোৱাৰীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত ৷ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ দক্ষিণগাঁও বালিজানত ৷
হত্যাকাণ্ড নে আত্মহত্যা কোনেও একো ধৰিব পৰা নাই ৷ কিন্তু এয়া যে স্বাভাৱিক মৃত্যু নহয়, সেই কথা সকলোৰে মুখে মুখে ৷ মহিলাগৰাকীৰ নাম কবিতা তালুকদাৰ কলিতা ৷ দক্ষিণগাঁও বালিজানত সংঘটিত হৈছে এই ঘটনাটো । স্বামী, এটি সন্তান আৰু শাহুৱেকৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে ৷ মৃত্যুৰ খবৰ পোৱাৰ পিচত বাসগৃহত উপস্থিত হয় মহিলাগৰাকীৰ বহু আত্মীয় ৷ আত্মীয়ই কৰা মন্তব্য অনুসৰি, স্বামীৰ ঘৰৰ কোনেও তেওঁক হাস্পতাললৈ নিয়াৰ কথা এবাৰলৈও কোৱা নাছিল ৷ কোনো চিকিৎসক নহাকৈয়ে মাথো এজন ফাৰ্মাচিষ্টে মৃত বুলি ঘোষণা কৰোতেই তেওঁলোকে দায়িত্ব সামৰে ৷