কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল গুৱাহাটী,১০ মে':মুকলি হ'ল ম্যানমাৰৰ চিটৱে বন্দৰ । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে । ভাৰতৰ বাবে এই বন্দৰটো কৌশলগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । মঙলবাৰে এক অনুষ্ঠানৰ যোগেদি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে ম্যানমাৰ চৰকাৰৰ উপ-প্রধানমন্ত্ৰীয়ে (Myanmars Deputy PM Admiral Tin Aung San) বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজে প্ৰৱেশ কৰাৰ লগে লগে যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন কৰে(First Indian Cargo Ship at the Sittwe Port) ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, আজিৰ দিনটো ভাৰত আৰু ম্যানমাৰ দুয়োখন ৰাষ্ট্ৰৰ বাবে এক ঐতিহাসিক দিন । চিটৱে বন্দৰত কাৰ্যকলাপ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ পাৰস্পৰিক বিকাশ আৰু বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতাই এক নতুন মাত্ৰা লাভ কৰিব । এই বন্দৰটোৱে ভাৰত আৰু ম্যানমাৰৰ মাজত বিশেষকৈ উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ মাজত বাণিজ্যৰ বৃহৎ সুযোগ-সম্ভাৱনা উন্মুক্ত কৰিব । ই কলকাতা আৰু উত্তৰ-পূব ভাৰতৰ মাজত সুদূৰপ্ৰসাৰী অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক স্বাৰ্থৰ বাবে এক দক্ষ তথা দ্রুত পৰিবহণ পথ প্রশস্ত কৰিব ।
চিটৱে বন্দৰৰ কাম-কাজ ত্বৰান্বিত হ'লে উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক ন-দিগন্তৰ সূচনা হ'ব বুলি তেওঁ কয় । চিটৱে বন্দৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ ক্ষেত্ৰত ভাৰতৰ দুৱাৰমুখ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ'ব । তেওঁ লগতে কয়, চিটৱে বন্দৰ হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত ম্যানমাৰত ভাৰত চৰকাৰে নিৰ্মাণ কৰি থকা ৪৮৪ মিলিয়ন ডলাৰৰ কালাদান মাল্টিম'ডেল ট্রাঞ্জিট ট্রান্সপোর্ট প্ৰকল্পৰ অংশ । চিটৱে বন্দৰৰ কাৰ্যকৰীকৰণে ভাৰত-ম্যানমাৰৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক বাণিজ্য বৃদ্ধি কৰাৰ লগতে ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ স্থানীয় অর্থনীতিতো অৰিহণা যোগাব । বন্দৰৰ দ্বাৰা প্ৰদান কৰা অধিক সংযোগৰ ফলত অঞ্চলটোত নিযুক্তিৰ সুযোগ আৰু বিকাশৰ সম্ভাৱনা বৃদ্ধি পাব । ইয়াৰ দ্বাৰা উত্তৰ-পূব ভাৰতলৈ কাৰ্গৰ পৰিবহণ ব্যয় যথেষ্ট হ্ৰাস কৰিব, যাৰ ফলত অঞ্চলটোত অর্থনৈতিক বিকাশৰ অভূতপূর্ব পথ মুকলি হ'ব ।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আৰু ম্যানমাৰৰ উপ প্ৰধানমন্ত্ৰী এডমিৰেল টিন অং চান তেওঁ সন্তুষ্টি ব্যক্ত কৰি কয় যে কলকাতাৰ শ্যামাপ্রসাদ মুখার্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত কাৰ্গ' চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সাগৰীয় পথসমূহলৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব ভাৰতে এক নতুন সুযোগ লাভ কৰিছে । মঙলবাৰে বন্দৰত প্ৰৱেশ কৰা এমভি-আইটিটি লায়ন (ভি-২৭৩) জাহাজখনে ১,০০০ মেট্রিক টন চিমেণ্টযুক্ত মুঠ ২০,০০০ বেগ কঢ়িয়াই আনিছে । উত্তৰ-পূব ভাৰতৰ উপৰি এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ সৈতেও সংযোগৰ শক্তিশালী প্রাণকেন্দ্ৰ হিচাপে কাম কৰিব । ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও বাংলাদেশ, ভূটান, আনকি নেপালৰ বাবেও ই বিশাল বাণিজ্যিক সম্ভাৱনা মুকলি কৰিব । কালাদান মাল্টিম'ডেল ট্রাঞ্জিট ট্রান্সপ'ৰ্ট প্ৰকল্পৰ অংশ হিচাপে ভাৰত চৰকাৰৰ অনুদান সহায়ৰ অধীনত চিটৱে বন্দৰটো নিৰ্মাণ কৰা হৈছে ।
ভাৰতৰ মিজোৰাম ৰাজ্যৰ সৈতে ম্যানমাৰৰ চিটৱে বন্দৰক সংযোগ কৰা কালাদান নদীৰ ওপৰত মাল্টিম'ডেল ট্রাঞ্জিট পৰিবহণ সুবিধা নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত চিটৱে বন্দৰটো বিকশিত কৰা হৈছে । বন্দৰটোক এটা অভ্যন্তৰীণ জলপথৰ জৰিয়তে ম্যানমাৰৰ পালেটৱাৰ সৈতে আৰু এটা উপ-পথৰ জৰিয়তে পালেটৱাৰ পৰা মিজোৰামৰ জোৰিনপুইলৈ সংযোগ কৰা হৈছে । সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত কালাদান মাল্টিম'ডেল ট্রাঞ্জিট ট্রান্সপ'ৰ্ট প্রকল্পই ভাৰতৰ পূব উপকূলৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ চিটৱে বন্দৰৰ জৰিয়তে বৈকল্পিক সংযোগ প্রদান কৰিব ৷
ম্যানমাৰৰ চিটৱে বন্দৰ মুকলি তদুপৰি কলকাতাৰ পৰা চিটৱে বন্দৰলৈ কঢ়িয়াই নিবলগীয়া সা-সামগ্রী বাংলাদেশৰ টেকনাফ বন্দৰলৈও প্ৰেৰণ কৰিব পৰা যাব, যি চিটৱেৰ পৰা মাত্র ৬০ নটিকেল মাইল দূৰত্বত অৱস্থিত । টেকনাফ বন্দৰৰ পৰা সামগ্ৰীবোৰ ৩০০ কিলোমিটাৰ দূৰত থকা ত্ৰিপুৰাৰ চাব্রুমলৈ পথ পৰিবহণ কৰিব পাৰি । এই নতুন মাৰ্গটোৱে উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক গতিক অধিক ত্বৰান্বিত কৰিব আৰু এতিয়াৰ শিলিগুৰি হৈ কলকাতালৈ যোৱা পথতকৈ অধিক সময়, ধন ৰাহি কৰিব । কলকাতাৰ পৰা আইজললৈ সামগ্ৰী পৰিবহণৰ ব্যয় আৰু সময় এতিয়া ৫০ শতাংশতকৈ অধিক হ্রাস পাব । ইয়াৰ যোগেদি সমগ্ৰ উত্তৰ-পূব ভাৰতেই লাভান্বিত হ'ব (Sarbananda Sonowal inaugurates Sittwe port)।
লগতে পঢ়ক:Karnataka Election 2023 : ইতিহাসৰ ওপৰত চকু বিজেপিৰ, প্ৰত্যাৱৰ্তনৰ আশাত কংগ্ৰেছ