অসম

assam

ETV Bharat / state

MV Ganga Vilas Cruise : RTI ৰ উত্তৰত এম ভি গংগা বিলাসৰ প্ৰকৃত তথ্য ফাদিল ! - এম ভি গংগা বিলাস

ক্ৰুজ-এম ভি গংগা বিলাস ক্ৰুজখন আচলতে এখন ব্যক্তিগত ক্ৰুজহে ৷ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আৰ টি আইৰ তথ্যত সদৰী কৰিছে এই উদ্বেগজনক তথ্যটো ।

MV Ganga Vilas Cruise
এম ভি গংগা বিলাস ক্ৰুজখন আচলতে এখন ব্যক্তিগত ক্ৰুজহে !

By

Published : Jul 27, 2023, 6:53 PM IST

গুৱাহাটী, 27 জুলাই : চমক সৃষ্টিৰে ঢাক ঢোল বজাই কোটি কোটি টকা ৰাজহুৱা ধন খৰছ কৰি যোৱা 13 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাত্ৰা উদ্বোধন কৰা নদী ক্ৰুজ-এম ভি গংগা বিলাস ক্ৰুজখন আচলতে এখন ব্যক্তিগত ক্ৰুজহে । এই তথ্য পোহৰলৈ আহিছে এছ শৰ্মা নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে কৰা তথ্য অধিকাৰ আইনৰ তথ্যত । এছ শৰ্মা নামৰ এগৰাকী আৰ টি আই কৰ্মীগৰাকীয়ে ক্ৰুজ-এম ভি গংগা বিলাস ক্ৰুজখনৰ সবিশেষ তথ্য বিচাৰি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ত আৰ টি আই কৰিছিল ।

এম ভি গংগা বিলাস ক্ৰুজখন আচলতে এখন ব্যক্তিগত ক্ৰুজহে !

যোৱা 18 জুলাইত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে MOWRC/R/E/23/00269 নম্বৰৰ আৰ টি আইৰ তথ্যত উদ্বেগজনক তথ্য সদৰী কৰিছে । বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে সদৰী কৰা তথ্য মতে এই ক্ৰুজখন ব্যক্তিগত ।‌ গতিকে ক্ৰুজখনৰ কোনো তথ্য বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে তথা ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগত নাই । ক্ৰুজখনৰ সন্দৰ্ভত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে সদৰী কৰা তথ্যই চচিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কাৰণ এই ক্ৰুজখনৰ যাত্ৰা প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল । এই উদ্বোধনী অনুষ্ঠান চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছিল ।

তদুপৰি এই ক্ৰুজখনত অহা যাত্ৰীসকলক দেশৰ ঠায়ে ঠায়ে চৰকাৰৰ পৃষ্ঠপোষকতাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আদৰণি জনোৱা হৈছিল । ইয়াৰ নামত চৰকাৰে কোটি কোটি টকা ৰাজহুৱা ধন খৰছ কৰিছিল । উল্লেখ্য যে, যোৱা 13 জানুৱাৰীত এমভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ভাৰত আৰু বাংলাদেশৰ 27 খন নদী প্ৰণালী পাৰ হৈ 51 দিনত প্ৰায় 3,200 কিলোমিটাৰ ভ্ৰমণ কৰি নিমাতীঘাটত উপস্থিত হৈছিল ।‌ এই ক্ৰুজখনে বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটীকে ধৰি 50 খন পৰ্যটনস্থলী ভ্ৰমণ কৰিছিল ।

এই ক্ৰুজখনৰ যাত্ৰীসকলক অসমৰ ধুবুৰী, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰগড় আৰু নিমাতীঘাটত আদৰণি জনোৱাৰ বাবে অসম চৰকাৰে আড়ম্বৰ অনুষ্ঠান আয়োজন কৰাৰ নামত কোটি কোটি টকা ব্যয় কৰিছিল । লক্ষনীয় যে, ‘এম ভি গংগা বিলাস’ জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰিছিল । কিন্তু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰি কৰা মতে, ‘এম ভি গংগা বিলাস’ জল পৰিবহণ খণ্ডত কি নতুন দিগন্তৰ সূচনা কৰিলে সেয়া এছ শৰ্মাই কৰা আৰ টি আইৰ উত্তৰত প্ৰকাশ নাপালে ।

ক্ৰুজখনৰ কোনো তথ্য বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে তথা ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগত নাই বুলি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ MOWRC/R/E/23/00269 নম্বৰৰ আৰ টি আইৰ উত্তৰত প্ৰকাশ পোৱাৰ পিচত এই ক্ৰুজখনকলৈ প্ৰশ্ন উত্থাপন হৈছে । আচলতে ক্ৰুজখন কোন কোম্পানীৰ সেয়া ৰহস্যৰ অৱৰ্তত আছে । ইয়াকেলৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :Ganga Vilas Cruise : ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ফ্লেগ অফ কৰিব গংগা বিলাসৰ

ABOUT THE AUTHOR

...view details