অসম

assam

ETV Bharat / state

ইচলামিক সাহিত্য সভা বিজেপিৰ সৃষ্টি : অসম মুছলিম ছাত্ৰ সন্থা - অসম মুছলিম ছাত্ৰ সন্থাৰ সংবাদ মেল

"অসম ইছলামিক সাহিত্য সভা শাসক দলৰ সৃষ্টি ৷ এই সাহিত্য সভাৰ জৰিয়তে ৰাইজৰ মাজত বিভেদ অনাৰ চেষ্টা দলটোৰ"

অসম মুছলিম ছাত্ৰ সন্থাৰ সংবাদ মেল
অসম মুছলিম ছাত্ৰ সন্থাৰ সংবাদ মেল

By

Published : Jan 10, 2020, 6:58 PM IST

গুৱাহাটী, 10 জানুৱাৰী:"অসম ইছলামিক সাহিত্য সভা বিজেপিৰ সৃষ্টি ৷ বিজেপিয়ে মানুহৰ মাজত বিভেদ আনিবৰ বাবেই এই কাৰ্য সংঘটিত কৰিছে ৷ যি খন সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আছে বিধায়ক নাৰায়ন ডেকা ৷"এই গুৰুতৰ অভিযোগ অসম মুছলিম ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল আয়োজন কৰি বহু বিতৰ্কিত অসম ইছলামিক সাহিত্য সভাৰ বিষয়ে এই অভিযোগ উত্থাপন কৰে অসম মুছলিম ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ ইয়াৰোপৰি সংবাদমেলত সংগঠনটোৱে CAA ৰ বিৰোধিতা কৰাৰ লগতে এই আইন কেতিয়াও মানি লোৱা নহ'ব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, সংবাদমেলখনৰ জৰিয়তে সংগঠনটোৱে গাঁৱে-গাঁৱে আদালত গঢ়ি তুলি ডি ভোটাৰ সমস্যা সমাধান কৰাৰো দাবী তোলে ৷

অসম মুছলিম ছাত্ৰ সন্থাৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details