নিউজ ডেস্ক, 9 জানুৱাৰী:অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী তথা অসমৰ প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে ৷ মঙলবাৰে নিশা প্ৰায় 10 বজাত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে ৷
বিগত এক জানুৱাৰীৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভূপেন উজীৰ ৷ শেহতীয়াকৈ কেবামাহৰে পৰা শ্বাস-প্ৰশ্বাসজনিত আৰু বৃক্কৰ ৰোগত ভুগি থকা শিল্পীগৰাকীক সময়ে-সময়ে চিকিৎসা আগবঢ়াই থকা হৈছিল যদিও এক জানুৱাৰীত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত সেইদিনাই ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সেইদিনাৰে পৰা তেওঁক আই চি ইউত ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰাখিছিল ৷ অৱশ্যে যোৱা দেওবাৰৰ পৰা পূৰ্বতকৈও অধিক অৱনতি ঘটে শিল্পীগৰাকীৰ স্বাস্থ্যৰ আৰু অৱশেষত আজি নিশা অজান্তিমুলুকলৈ গতি কৰে শিল্পী ভূপেন উজীৰে ৷