গুৱাহাটী , ১২ ছেপ্টেম্বৰ :মহানগৰীৰ এগৰাকী ব্যক্তিৰ এটা ব্যতিক্ৰমী সপোন ৷ এই সপোন আজি দিঠকত পৰিণত কৰিব পাৰি তেওঁ যথেষ্ট আনন্দিত হৈছে । এই ব্যক্তিগৰাকী হৈছে মহানগৰীৰ ৰূপনগৰ বৃন্দাবন পথৰ বাসিন্দা তথা পৰিবহন কৰ্মচাৰী দেৱ কুমাৰ বৰা । পূৰ্বৰে পৰাই তেওঁ পুৰণি সামগ্ৰীৰ সংগ্ৰহৰ প্ৰতি আগ্ৰহী আছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা পুৰণি সামগ্ৰী সংগ্ৰহ কৰি আন সংগ্ৰহালয়তকৈ ব্যতিক্ৰমী সংগ্ৰহালয় নষ্টালজিয়া (Nostalgia an antique museum) স্থাপন কৰিছে ।
দেওবাৰে সংগ্ৰহালয়টো উদ্বোধন কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে । কি কি সামগ্ৰী আছে সংগ্ৰহালয়টোত? আপুনি মই কিছুমান সামগ্ৰী অলাগতীয়াল বুলি পেলাই দিও । সেই সামগ্ৰীবোৰ তেওঁ বিগত ২০-২২ বছৰে সংগ্ৰহ কৰি আহিছে । সংগ্ৰহালয়টোত প্ৰায় ১০০ বছৰ পুৰণি সামগ্ৰীও আছে । সামগ্ৰীবোৰৰ ভিতৰ আছে বিভিন্ন প্ৰকাৰৰ টেপ ৰেকৰ্ডাৰ , গ্ৰামোফোন, চিলাই মেচিন, টেবুল ফেন, কেচেট, টেবুল ফেন, ৱাল গড়ী, টেবুল গড়ী, মহাত্মা গান্ধীৰ দিনৰ ঘড়ী ৷
ইয়াৰোপৰি তামোলৰ বটা, তবলা, লেম্প, ষ্টোভ, টলা, গীটাৰ, টাইপিং মেচিন ,খোল, পুৰণি পইচা, বটল, টৰ্চ, স্কুটাৰ, কেমেৰা, চুটকেচকে ধৰি প্ৰায় ১৫০০ তকৈ অধিক সামগ্ৰী সংগ্ৰহালয়টোত আছে ।