গুৱাহাটী, ৬ নৱেম্বৰ :অপৰাধৰ ঘাটিলৈ পৰ্যবেসিত গুৱাহাটী মহানগৰী ৷মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড ৷ বেলতলাৰ চাৰ্ভেৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ শুকুৰবাৰে নিশা মালিগাঁৱত সংঘটিত হয় আন এক হত্যাকাণ্ড ৷
প্ৰাপ্ত তথ্য অনুসৰি, কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে দুৰ্বৃত্তই হত্যা কৰে এজন লোকক । মৃত ব্যক্তিজনৰ নাম তৰুণ ডেকা (৫৬) । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মালিগাঁও চাৰিআলিৰ ভৰালী কমপ্লেক্সত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এই হত্যাকাণ্ডটো । মৃত তৰুণ ডেকা নামৰ ব্যক্তিগৰাকী প্ৰায় ৩৬ বছৰ ধৰি ভৰালী কমপ্লেক্সত চকীদাৰ হিচাপে কৰ্মৰত হৈ আছিল ৷
শনিবাৰে পুৱাহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ স্থানীয় ৰাইজে এই ঘটনাৰ বিষয়ে জানিব পাৰি ততালিকে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত কাঠৰ বাটাম ৷ তদুপৰি মৃতদেহটো উদ্ধাৰ কৰি GMCH লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
কোনে আৰু কিয় চকীদাৰ তৰুণ ডেকাক এনেদৰে নিৰ্মমভাৱে হত্যা কৰিলে, সেই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ৷ ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত ৷ বিগত কেইবাদিনৰ পৰা মহানগৰী গুৱাহাটীত সংঘটিত হত্যাকাণ্ডই আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত যে সাধাৰণ লোকৰ প্ৰাণৰ নিশ্চয়তা নাই, সেই কথাকে প্ৰতীয়মান কৰিছে ৷
লগতে পঢ়ক :ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?