গুৱাহাটী, 30 ডিচেম্বৰ:সোমবাৰে মহানগৰীৰ পাণ্ডুত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নলাত উদ্ধাৰ হয় তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এগৰাকী লোকৰ মৃতদেহ ৷ মৃত লোকজন পাণ্ডুৰ মাছ ব্যৱসায়ী মহেশ মুখিয়া বুলি চিনাক্ত কৰা হৈছে ৷
পাণ্ডুত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ - পাণ্ডুত সংঘটিত চাঞ্চল্যকৰ ঘটনা
নলাত উদ্ধাৰ হয় তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এগৰাকী লোকৰ মৃতদেহ ৷ মৃত লোকজন পাণ্ডুৰ মাছ ব্যৱসায়ী মহেশ মুখিয়া বুলি চিনাক্ত কৰা হৈছে ৷
মৃতদেহ উদ্ধাৰ
প্ৰাপ্ত তথ্য অনুসৰি, ৰাতিপুৱাই কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল লোকজন ৷ তাৰ পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে কোনোৱে তেওঁক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে ৷