গুৱাহাটী, ১৭ নৱেম্বৰ:প্ৰায় পাঁচ মাহ পূৰ্বে মহানগৰীত সংঘটিত এক হত্যাকাণ্ডৰ মূল অভিযুক্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষীয়ে (Murder In Guwahati)। ধৃত অভিযুক্ত নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নিজৰাপাৰৰ মজিবুৰ আলীৰ পুত্ৰ জাহান উদ্দিন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত যোৱা ২৮ মে’ত নুনমাটি ২ নং নিজৰাপাৰৰ চৰিফুল আলী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । পিছত চৰিফুলৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷ আৰক্ষীৰ তদন্তত জাহান উদ্দিন নামৰ এজন ব্যক্তিৰ ওপৰত উঠিছিল সন্দেহৰ আঙুলি ৷ তাৰ পিছতেই আৰক্ষীয়ে জাহানক বিচাৰি আৰম্ভ কৰিছিল অভিযান ৷ ইফালে অভিযুক্ত জাহানে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰি 5 মাহ ধৰি পলাতক হৈ থাকে ৷
প্ৰথম অৱস্থাত পলাতক হৈ থকা জাহান উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী । কিন্তু অপৰাধ আৰু অপৰাধী যিমানেই চতুৰ নহওক কিয়, আৰক্ষীৰ চকুৰ পৰা কিমান দিন পলাই থাকিব ? অৱশেষত আজি আৰক্ষীৰ হাতত ধৰা পৰিল হত্যাৰ মূল অভিযুক্ত জাহান উদ্দিন ৷