গুৱাহাটী,17 এপ্ৰিল :অৱশেষত আৰক্ষীৰ জালত পৰিল নিজ পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হৈ পলাতক অৱস্থাত থকা শ্বাহজাহান আলী ৷ বৃহস্পতিবাৰে নিশা সোণাপুৰ থানাৰ অন্তৰ্গত 14 মাইল এলেকাৰ পৰা গাঁওৰক্ষী বাহিনীয়ে হত্যাকাৰী শ্বাহজাহান আলীক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ ইয়াৰ বাবে গাঁওৰক্ষী বাহিনীক আন্তৰিক ধন্যবাদ জনায় বৰ্নিহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ৷
সোণাপুৰত আটক পত্নীক হত্যাৰ অপৰাধত অভিযুক্ত পলাতক আচামী - শ্বাহনাজ বেগম
সোণাপুৰ আৰক্ষীৰ জালত নিজ পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হৈ পলাতক অৱস্থাত থকা শ্বাহজাহান আলী ৷ 5 এপ্ৰিলত সংঘটিত হৈছিল হত্যাকাণ্ড ৷
![সোণাপুৰত আটক পত্নীক হত্যাৰ অপৰাধত অভিযুক্ত পলাতক আচামী Murder accused arrested at Sonapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6824952-848-6824952-1587102537941.jpg)
সোণাপুৰত আটক পত্নীক হত্যাৰ অপৰাধত অভিযুক্ত পলাতক আচামী
উল্লেখ্য যে বিগত 5 এপ্ৰিলত মেঘালয়ৰ ৰিভ'ই জিলাৰ বৰ্নিহাট আৰক্ষী চকীৰ অন্তর্গত নেৰিম অঞ্চলত নিজ পত্নীক নির্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত শ্বাহজাহান আলীৰ বিৰুদ্ধে ৷ ইয়াৰ পাছৰে পৰা পলায়ন কৰি আছিল অভিযুক্ত জনে ৷ বৰ্তমান পূৰ্বে ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নিজ পত্নীক হত্যা কৰাৰ অপৰাধত অপৰাধী শ্বাহজাহান আলীক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ অসমত সম্পূৰ্ণ সুস্থ ৫ গৰাকী কৰ'ণা ৰোগী