অসম

assam

ETV Bharat / state

তৰুণ গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ‘মুনীন বৰকটকী সাহিত্য বঁটা’ - প্ৰদ্যুন্ন কুমাৰ গগৈৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাংবাদিক তথা তৰুণ গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈ(Pradyumna Kumar Gogoi)লৈ চলিত বৰ্ষৰ 27 সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’(Munin Barkotoki Literary Award) ৷ এই বঁটাত আছে নগদ 50,000,00 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ৷

munin barkotoki literary award
munin barkotoki literary award

By

Published : Nov 15, 2021, 6:33 PM IST

নিউজ ডেস্ক, 15 নৱেম্বৰ : 2021 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা(Munin Barkotoki Literary Award) ঘোষণা ৷ চলিত বৰ্ষৰ 27 সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’ আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ তথা সাংবাদিক প্ৰদ্যুম্ন কুমাৰ গগৈ(Pradyumna Kumar Gogoi)লৈ ৷

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা ৷ 1995 চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ 50,000,00 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ৷

সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পূণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰতিবছৰে প্ৰদান কৰা হয় এই বঁটা ৷ অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগননি জনাবলৈ এই বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক :অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

ABOUT THE AUTHOR

...view details