অসম

assam

By

Published : Sep 3, 2020, 10:08 PM IST

Updated : Dec 14, 2022, 3:33 PM IST

ETV Bharat / state

ৰাজ্যত এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায়ৰ নিৰ্বাচন

অসম বিধান সভাত দ্য আছাম মিউনিচিপাল বিধেয়ক গৃহীত ৷ আগন্তুক এবছৰত যি সমূহ পৌৰসভা বা নগৰ সমিতিৰ কাৰ্যকাল শেষ হ’ব সেই সমূহ স্থানীয় জিলা উপায়ুক্ত বা চক্ৰ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ৷

municipal amendment bill pass
ৰাজ্যত এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায়ৰ নিৰ্বাচন

গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ আগন্তুক এবছৰলৈ অনুষ্ঠিত নহ’ব অসমৰ কোনো পৌৰসভা, নগৰ সমিতি বা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। বিধানসভাৰ বৰ্ষাকালিন অধিবেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা " দ্য আছাম মিউনিচিপাল ( সংশোধনী ) বিধেয়ক " সদনত গৃহীত হোৱাৰ লগে লগে এবছৰলৈ পৌৰ নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাটো নিশ্চিত হৈ পৰিল ।

ক'ভিড পৰিস্থিতিৰ বাবেই এই সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । ফলত আগন্তুক এবছৰৰ ভিতৰত যি সমূহ পৌৰসভা বা নগৰ সমিতিৰ কাৰ্যকাল শেষ হ’ব সেই সমূহ স্থানীয় জিলা উপায়ুক্ত বা চক্ৰ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব । বিৰোধীয়ে এবছৰৰ পৰিবৰ্তে ছমাহৰ বাবে এই ব্যৱস্থা কৰিব লাগে বুলি সদনত মত পোষণ কৰিছিল যদিও অৱশেষত এই ব্যৱস্থা এবছৰৰ বাবেই বিধেয়ক খনত গৃহীত কৰা হয় ।

Last Updated : Dec 14, 2022, 3:33 PM IST

ABOUT THE AUTHOR

...view details