অসম

assam

ETV Bharat / state

গুৱাহাটীস্থ DS গ্ৰুপৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ তলা - Dharampal Satyapal Limited Guwahati

গুৱাহাটীস্থিত DS গ্ৰুপৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ তলা (DS group Guwahati office sealed)। অবৈধভাৱে বহিঃৰাজ্যলৈ গুটখা, পানমচলা সৰবৰাহ কৰাৰ অপৰাধত ৰুজু হোৱা গোচৰৰ ভিত্তিত মহাৰাষ্ট্ৰত ধৰমপাল সত্যপাল লিমিটেডৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷

Mumbai police raid at DS group office
গুৱাহাটীস্থ DS গ্ৰুপৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ অভিযান

By

Published : Mar 9, 2022, 7:36 PM IST

গুৱাহাটী, ৯ মাৰ্চ: মহানগৰীৰ বামুণীমৈদামস্থিত গুটখা আৰু পাণমচলা প্ৰস্তুতকাৰী কোম্পানী DS গ্ৰুপৰ কাৰ্যালয়ত অপৰাধ অনুসন্ধান শাখাৰ তলা (DS group Guwahati office sealed)। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বুধবাৰে কাৰ্যালয়টোত অভিযান চলাই কৰে । অবৈধভাৱে গুটখা, পাণমচলা বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল গুৱাহাটীৰ DS গ্ৰুপৰ কাৰ্য্যালয়ৰটোৰ পৰা ।

গুৱাহাটীৰ বামুনিমৈদামস্থিত ধৰমপাল সত্যপাল লিমিটেডৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ চলাপুৰ MIDC আৰক্ষী থানাত 802/2021 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 328/188/272/273 আৰু 26/(2)(i) 26 (2)(iV) খাদ্য সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন হৈছিল গোচৰ ।

গুৱাহাটীস্থ DS গ্ৰুপৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ তলা

DS group য়ে অসমত প্ৰস্তুত কৰা গুটখা, পানমচলাসমূহ অবৈধভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ অপৰাধত ৰুজু হৈছিল গোচৰ । এই গোচৰৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাই বামুণীমৈদামৰ DS Group ৰ কাৰ্য্যালয়ত অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে মুখ্য কাৰ্যালয়টো ছীল কৰে ।

লগতে পঢ়ক:যুদ্ধভূমিৰ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা কৰিলে অসমৰ সাই স্বপ্নীলে

ABOUT THE AUTHOR

...view details